মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘ৰাহুল গান্ধী অসমত পৰ্যটক, অসমৰ চাবি আজমলৰ হাতত নহয় জনতাৰ হাতত’, জনসভাত অমিত শ্বাহৰ ঘোষণা 

‘ৰাহুল গান্ধী অসমত পৰ্যটক, অসমৰ চাবি আজমলৰ হাতত নহয় জনতাৰ হাতত’, জনসভাত অমিত শ্বাহৰ ঘোষণা 

News18 Assam | News18-Assam
Updated:March 31, 2021, 3:35 PM IST
‘ৰাহুল গান্ধী অসমত পৰ্যটক, অসমৰ চাবি আজমলৰ হাতত নহয় জনতাৰ হাতত’, জনসভাত অমিত শ্বাহৰ ঘোষণা 
বিজনী বিধানসভা সমষ্টিতত মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত প্ৰচাৰ চলায় গৃহমন্ত্ৰী গৰাকীয়ে ৷

বিজনী বিধানসভা সমষ্টিতত মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত প্ৰচাৰ চলায় গৃহমন্ত্ৰী গৰাকীয়ে ৷

  • Share this:
বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া তিনি সমষ্টিত চলায় নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰে প্ৰথমখন সভা অনুষ্ঠিত হয় বিজনী বিধানসভা সমষ্টিত ৷ সমষ্টিটোত মিত্ৰজোঁটৰ প্ৰাৰ্থী অজয় কুমাৰ ৰায়ৰ সমৰ্থনত চলায় গৃহমন্ত্ৰী গৰাকীয়ে প্ৰচাৰ ৷ বড়োজননেতাক স্মৰণ কৰি অমিত শ্বাহে আৰম্ভ কৰে ভাষন ৷

আতংক মুক্ত, আন্দোলন মুক্ত অসম গঢ়াৰ লক্ষ্য বিজেপিৰ ৷ ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিবলৈ আপোনালোকৰ আশীৰ্বাদ লবলৈ আহিছো বুলি মন্তব্য শ্বাহৰ ৷ কংগ্ৰেছৰ দিনত বড়োভূমিত সংঘটিত হৈছিল হত্যা, হিংসা ৷ বড়ো, অবড়োৰ মাজত অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি হৈছিল ৷ কিন্তু ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পিছতে লগে লগে সম্ভৱ হল বিটিআৰ চুক্তি ৷ শ্বাহৰ লগতে দাবী ২০২২ চনৰ ভিতৰত বড়োভূমিত থকা সকলো সমস্যা সমাধান কৰা হব ৷ আজমলৰ কান্ধত উঠি কংগ্ৰেছে আগবাঢ়িছে ৷ ৰাহুল গান্ধী পৰ্যটকৰ দৰে অসমলৈ আহিব লৈছে ৷ এয়া মাথোন প্ৰলোভন ৷

অসমত ভূপেন হাজৰিকা নে বদৰুদ্দিন আজমল? অসমত শংকৰদেৱ নে মাধৱদেৱ ? আজমলক সমালোচনা কৰিবলৈ গৈ অমিত শ্বাহৰ তুলনা অসমত কাৰ গুৰুত্ব শংকৰদেৱ নে মাধৱদেৱৰ? অনুষ্ঠানতে শ্বাহৰ দাবী বিজেপিৰ দিনত বড়ো ভাষাক ৰাজ্যিক ভাষা ৰূপে স্বীকৃতি প্ৰদান ৷ এয়াই নহয় বড়ো ভূমিৰ বাবে কেন্দ্ৰই অনুমোদন প্ৰদান

৭৫০ কোটি টকা ৷ সভাতে আজমলক সমালোচনা কৰি অমিত শ্বাহৰ মন্তব্য ছাবি আজমলৰ হাতত নহয় অসমৰ জনতাৰ হাতত ৷ কান খুলি শুনক আজমল ৷ আজমলৰ হাতত নিশেষ হ’ব অসমৰ সংস্কৃতি ৷৷
First published: March 31, 2021, 3:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি