• Home
  • »
  • News
  • »
  • assam
  • »
  • CM Himanta Biswa Sarma: ৰাহুল গান্ধীক আধুনিক জিন্না আখ্যা ড০ হিমন্ত বিশ্ব শৰ্মাৰ, দেশজুৰি চৰ্চাত অসমৰ মুখ্যমন্ত্ৰী

CM Himanta Biswa Sarma: ৰাহুল গান্ধীক আধুনিক জিন্না আখ্যা ড০ হিমন্ত বিশ্ব শৰ্মাৰ, দেশজুৰি চৰ্চাত অসমৰ মুখ্যমন্ত্ৰী

CM Himanta Biswa Sarma Attack On Rahul Gandhi: ড০ শৰ্মাই কয়, "মই কওঁ জিন্নাৰ ভূত ৰাহুল গান্ধীত প্ৰৱেশ কৰিছে।''

CM Himanta Biswa Sarma Attack On Rahul Gandhi: ড০ শৰ্মাই কয়, "মই কওঁ জিন্নাৰ ভূত ৰাহুল গান্ধীত প্ৰৱেশ কৰিছে।''

CM Himanta Biswa Sarma Attack On Rahul Gandhi: ড০ শৰ্মাই কয়, "মই কওঁ জিন্নাৰ ভূত ৰাহুল গান্ধীত প্ৰৱেশ কৰিছে।''

  • Share this:
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে উত্তৰাখণ্ডত এখন নিৰ্বাচনী জনসভা সম্বোধন কৰি ৰাহুল গান্ধীক লৈ কৰা মন্তব্যক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত তীব্ৰ চৰ্চা হোৱা দেখা গৈছে। শৰ্মাৰ মন্তব্যক লৈ কংগ্ৰেছকে ধৰি কংগ্ৰেছ মিত্ৰদলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশেষকৈ তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাক কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ওপৰত কৰা মন্তব্যৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বৰ্খাস্ত কৰিবলৈও দাবী জনোৱা দেখা গৈছে।

কি কৈছিল মুখ্যমন্ত্ৰী ড০ শৰ্মাই
শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী জনসভাত কৈছিল- ''ৰাহুল গান্ধীয়ে দেশে কৰা চাৰ্জিকেল ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰিছিল, তেওঁৰ মানসিকতা চাওক, দেশৰ গৌৰৱ জেনেৰেল বিপিন ৰাৱাটৰ নেতৃত্বত ভাৰতে পাকিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক ( surgical strikes) চলাইছিল। কিন্তু ৰাহুল গান্ধীক ইয়াৰ প্ৰমাণ লাগে। আমি (BJP) কেতিয়াবা তেওঁ ৰাজীৱ গান্ধীৰ পুত্ৰ হোৱাৰ প্ৰমাণ বিচাৰিছোঁ নেকি?''

তেওঁ পুনৰ কয়- ''ৰাহুল গান্ধীয়ে (Rahul Gandhi) অনুভৱ কৰে যে ভাৰত কেৱল গুজৰাটৰ পৰা পশ্চিম বংগলৈ। তেওঁ কি কৈছে মই যোৱা ১০ দিন ধৰি চাই আছোঁ। তেওঁ এবাৰ কৈছিল যে ভাৰত হৈছে ৰাজ্যসমূহৰ এক সংঘ। আকৌ দ্বিতীয়বাৰৰ বাবে তেওঁ কয় যে ভাৰতৰ অৰ্থ হৈছে গুজৰাটৰ পৰা বংগলৈ।'' এই প্ৰসংগতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়, "মই কওঁ জিন্নাৰ ভূত ৰাহুল গান্ধীত প্ৰৱেশ কৰিছে। মই উত্তৰাখণ্ডত কৈছিলোঁ যে ৰাহুল গান্ধীৰ ভাষা আৰু বাক্যবাণ ১৯৪৭ চনৰ আগৰ জিন্নাৰ দৰেই। ( Rahul Gandhi's language and rhetoric is similar to that of Mr Jinnah before 1947)'' মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাহুল গান্ধীক একপ্ৰকাৰ আধুনিক জিন্না ৰূপে অভিহিত কৰে ( Modern Day Jinnah)।

মুখ্যমন্ত্ৰী শৰ্মাৰ (CM Himanta Biswa Sarma) বক্তব্যক লৈ কংগ্ৰেছ দলে তীব্ৰ সমালোচনা কৰা দেখা গৈছে। মুখ্যমন্ত্ৰীৰ বক্তব্যক গৰিহণা দি এনএছইউআইৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক নীতিশ গৌৰে কয় যে মুখ্যমন্ত্ৰীয়ে অত্যন্ত নিন্দনীয় মন্তব্য কৰিছে। এয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আৰু কংগ্ৰেছৰ (Congress ) অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ প্ৰতি অপমান।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি