ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ পাৰ্শ্বক্ৰিয়া অব্যাহত আছে। আজি ৰেগিং কাণ্ডৰ অন্যতম অভিযুক্ত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ৰাহুল চেত্ৰীক ছাত্ৰ মুক্তিৰ পৰা অব্যাহতি দিয়া হয়। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ৰূপে দায়িত্ববাহী আছিল ৰাহুল চেত্ৰী। সংগঠনটোৱে জনোৱা মতে, SMSSৰ তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত এই সিদ্ধান্ত লোৱা হয়।
আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডত আন এগৰাকী অন্যতম অভিযুক্ত ছাত্ৰ দিব্যজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰে বৃহস্পতিবাৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|