• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰহাৰ ডিমৌত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা ! ট্ৰাকে খুন্দা মাৰিলে চুইফট ডিজায়াৰক, একেখন বাহনকে পুনৰ খুন্দিয়ালে ফৰচুনাৰে...

ৰহাৰ ডিমৌত পুৱতি নিশা ভয়ংকৰ দুৰ্ঘটনা ! ট্ৰাকে খুন্দা মাৰিলে চুইফট ডিজায়াৰক, একেখন বাহনকে পুনৰ খুন্দিয়ালে ফৰচুনাৰে...

ৰহা আৰক্ষী চকীৰ অন্তৰ্গত ডিমৌৰ চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱতি নিশা সংঘটিত হৈছে  এক ভয়ানক পথ দুৰ্ঘটনা ৷ ট্ৰাকে খুন্দা মাৰিলে চুইফট ডিজায়াৰক, একেখন বাহনকে পুনৰ খুন্দিয়ালে ফৰচুনাৰে।

  • Share this:
ৰহা আৰক্ষী চকীৰ অন্তৰ্গত ডিমৌৰ চাৰিলেন যুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱতি নিশা সংঘটিত হৈছে  এক ভয়ানক পথ দুৰ্ঘটনা ৷জানিব পৰা মতে AS 01 DZ 2725 নম্বৰৰ  চুইফট ডিজায়াৰ গাড়ীখনক চলন্ত অৱস্থাত ডিমৌৰ ৰাজপথত খুন্দা মাৰে এখন মালবাহী ট্ৰাকে। ইপিনে চুইফট খনক মহতিয়াই পলায়ন কৰে মালবাহী ট্ৰাকখনে ৷

Assam News Today

দুৰ্ঘটনাত পতিত হোৱা চুইফট ডিজায়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰ পাৰ হ‌ওতেই AS 01 DZ 6795নম্বৰৰ  ফৰচুনাৰ গাড়ীখনে খুন্দা মাৰে ।উল্লেখযোগ্য যে AS 01 DZ 6795 নম্বৰৰ ফৰচুনাৰ বাহনখন সোনাৰি দিশৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল।উক্ত দুৰ্ঘটনাত চুইফট ডিজায়াৰখনত থকা দুজন লোক গুৰুতৰভাৱে আহত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ  আহত দুজনক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে  নগাঁৱৰ ভোগেশ্বৰী ফুকননী চিকিৎসালয়লৈ প্ৰেৰণ  কৰে ৷জানিব পৰা মতে আহত দুজনৰ এজনৰ নাম জৱামণি দাস।সংকটজনক অৱস্থাত আছে জৱামণি দাস আৰু আনজন বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই ৷ মূলতঃ মালবাহী ট্ৰাকৰ বাবেই উক্ত দুৰ্ঘটনাটো সংঘটিত হয় বুলি আৰক্ষীয়ে উল্লেখ কৰে।আনহাতে সম্পূৰ্ণ ঘটনাৰ তদন্ত ৰহা আৰক্ষীয়ে নিজা ববীয়াকৈ লৈছে বুলি জানিব পৰা গৈছে ৷
Published by:Kokil Sarma
First published: