ৰহাৰ বগৰীগুৰি মহাদেউশালত শনিবাৰে বিয়লি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।এখন দ্ৰুতবেগী কিয়া চেলটচ বাহনৰ খুন্দাত থিতাতে নিহত হয় এজন ব্যক্তি। নিহত ব্যক্তিজন ৰহা বগৰীগুৰিৰ বীৰেণ পাটৰ(৬৫) বুলি চিনাক্ত কৰা হৈছে।
উল্লেখযোগ্য যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে চাইকেলেৰে আহি থকা অৱস্থাত গুৱাহাটীৰ দিশৰ পৰা নগাঁও দিশলৈ আহি থক উক্ত বাহনখনে চাইকেল চলাই অহা ব্যক্তি জনক পিছফালৰ পৰা খুন্দা মৰাৰ ফলতেই দূৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ হৈছে AS 01 ET 6000।ইপিনে ব্যক্তিজনক খুন্দা মাৰি কিছুদূৰ গৈয়ে নিয়ন্ত্ৰণ হেৰুৱাই কেইবালুটিও খাই পথৰ ওপৰতে বাগৰি পৰে বাহনখন আৰু কথমপি প্ৰাণৰক্ষা পৰে বাহনখনত থকা দুগৰাকী ব্যক্তি।পিছত স্থানীয় ৰাইজে তৎপৰতাৰে বাহনখনত থকা ব্যক্তি দুজনক উদ্বাৰ কৰে।দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত থকা ব্যক্তি দুজনো কম বেছি পৰিমাণে আহত হয়।স্থানীয় ৰাইজৰ অভিযোগ দুৰ্ঘটনা সংঘটিত কৰা বাহনখনত থকা দুয়োজন ব্যক্তিয়ে সুৰাপান কৰি আহিছিল।যাৰ ফলত এই দুৰ্ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে।পৰবৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত ব্যক্তিগৰাকীৰ মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
Published by: Kokil Sarma
FIRST PUBLISHED : December 03, 2022, 22:53 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।