ৰহা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰাষ্ট্ৰীয় পথত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয়।
ৰহা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰাষ্ট্ৰীয় পথত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয়।
অবৈধভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন কঠোৰ হ’লেও তাৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ। অবৈধ গৰুৰ ব্যৱসায়ৰ বিৰুদ্ধে ৰহা আৰক্ষীৰ সফল অভিযান। ৰহা আৰক্ষীয়ে বুধবাৰে নিশা অভিযান চলাই অভিযান চলাই ৰহাৰ টোলগেটত ট্ৰাকসহ জব্দ কৰে ১৮টা চোৰাং গৰু। আৰক্ষীয়ে লগতে আটক কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS 02 BC 3142।
ৰহা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰাষ্ট্ৰীয় পথত অভিযান চলাই অবৈধভাৱে সৰবৰাহ কৰা গৰুকেইটা জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে বোকাখাটৰ পৰা বৰ্ণিহাটলৈ অবৈধ গৰু সৰবৰাহ হৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি ট্ৰাকখন।আৰক্ষীয়ে অধিক তথ্যৰ বাবে ইতিমধ্যে আটক কৰা চালক আৰু হেণ্ডিমেনক জেৰা চলাই আছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|