গুণগত শিক্ষাৰ মানদণ্ড নিশ্চিতকৰণ কৰাৰ বাবে বুধবাৰৰ পৰা ৰাজ্যৰ বাৰখন জিলাৰ ভিতৰত নগাঁও জিলাতো প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে। সেই অনুসৰি জিলাখনৰ ছটা শিক্ষা খণ্ডৰ সৰ্বমুঠ ২১২৮খনকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰথম দিনা স্ব-মূল্যায়ন কাৰ্যসূচী ৰূপায়ণৰ পিছতেই আজিৰ পৰা বিদ্যালয়সমুহত মুল্যায়ণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।
আজি গুণোসৎৱৰ দ্বিতীয় দিনা নগাঁৱৰ বেবেজীয়াৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত উপস্থিত হয়হি অসম চৰকাৰৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্য । নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী গৰাকীয়ে বেবেজীয়াৰ ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত দুপৰীয়া উপস্থিত হৈ গুণোৎসৱৰ পৰিবেশৰ বুজ লোৱাৰ লগতে শ্ৰেণীকোঠালৈ গৈ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে । প্ৰায় দুঘণ্টা সময় শিক্ষানুষ্ঠানখনৰ বিদ্যায়তনিক দিশ পৰ্যবেক্ষণ কৰি জ্যেষ্ঠ মন্ত্ৰী গৰাকীয়ে শিক্ষক-কৰ্মচাৰীসকলক সংস্কাৰমুখী পৰিবেশ গঢ়ি তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ।মন্ত্ৰী গৰাকীয়ে ছাত্ৰী সকলৰ অভিভাৱক সকলৰ সৈতেও মত বিনিময় কৰে।
আনহাতে সংবাদ মাধ্যমৰ আগত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই শিক্ষয়িত্ৰী অৰ্ণমাই বৰাৰ গোচৰৰ ৰায়দানৰ সন্দৰ্ভতো মত ব্যক্ত কৰি কয় যে- ন্যায়ালয়ৰ ৰায় দিয়াৰ পিছত আমি ৰাজনীতিৰ সৈতে জড়িত থকাসকলে মন্তব্য দিয়া উচিত নহয় কিন্তু যিহেতু এই ৰায়দানক লৈ তেওঁৰ পৰিয়াল আৰু সমাজ সন্তুষ্ট নহয় সেয়ে ভুক্তভোগী পৰিয়ালৰ সৈতে আমি ন্যায়িক ব্যৱস্থাৰ মাজেৰে গৈ ন্যায় লাভৰ বাবে প্ৰয়াস কৰা হ'ব ।
বিদ্যালয় খনৰ গুণোসৎৱৰ কাৰ্যসূচীত বিদ্যালয়খনৰ অধ্যক্ষ উপেন বৰা, বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, খাগৰিজান শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সিদ্ধাৰ্থ কুমুদ গগৈ, ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকা, একশৰণ ভাগৱতী সমাজৰ প্ৰচাৰ সচিৱ ডেভিদ দাস, শিল্পী গম্ভীৰ নাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
ইফালে বৃৃৃহস্পতিবাৰে পুৱা শিক্ষকৰ ৰূপত দেখা গ'ল অসম চৰকাৰৰ মীন, আবকাৰী বিভাগৰ মন্ত্ৰী তথা নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পৰিমল শুক্লবৈদ্যক। গুনোৎসৱ উপলক্ষে ৰহাৰ জোঙাল বলহু গড় শ্বহীদ স্মৃতি উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় মন্ত্ৰী পৰিমল শুক্লবৈদ্য। মন্ত্ৰী গৰাকীয়ে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সকলৰ লগত মত বিনিময় কৰাৰ লগতে ছাত্ৰ ছাত্ৰীক পাঠ্যপুথি পঢ়ি শুনাবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।
Published by: Kokil Sarma
FIRST PUBLISHED : January 19, 2023, 20:26 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।