এখন সুখৰ সংসাৰ গঢ়াৰ সপোন দেখিছিল দুয়ো। হাতত হাত থৈ জীৱনৰ পথত খোজ দিয়াৰ আশাবোৰ পুহি ৰাখিছিল বুকুত। দুয়ো মিলি এক হৈ এখন সুন্দৰ ঘৰ সজাৰ হেঁপাহ সাঁচি ৰাখিছিল মনত। কিন্তু নিষ্ঠুৰ নিয়তিয়ে সেয়া হ’বলৈ নিদিলে। আশাবোৰ বুকুত বান্ধিয়ে অজান মুলুকলৈ গুচি গ’ল প্ৰাৰ্থনা।
শুকুৰবাৰে ৰহাৰ চাপৰমুখৰ কচুৱাত ঘটা এই ঘটনাই চকু সেমেকাই তুলিব আপোনাৰো। মৃত্যুৰ পিছত প্ৰেমিকে পূৰণ কৰিলে প্ৰেয়সীৰ আশা। মৃত প্ৰেমিকাৰ কপালত প্ৰেমিকে পিন্ধাই দিলে সেন্দুৰ।
প্ৰেম কিমান গভীৰ আৰু পৱিত্ৰ হ’লে এনেদৰে প্ৰেয়সীক অন্তিম বিদায় জনাব পাৰে প্ৰেমিকে। এনে দৃশ্য হয়তো আপুনি চিনেমাতহে দেখিবলৈ পায়। কিন্তু ৰহাৰ চাপৰমুখবাসীয়ে বাস্তৱতে দেখিবলৈ পালে সেই সকৰুণ দৃশ্য। যি দৃশ্যই চকু সেমেকাই তুলিলে উপস্থিত সকলোৰে।
চাপৰমুখ কচুৱাৰ যুৱতীগৰাকীৰ নাম প্ৰাৰ্থনা বৰা। এক জটিল ৰোগত আক্ৰান্ত হৈছিল প্ৰাৰ্থনা। শুকুৰবাৰে প্ৰাৰ্থনাই চিৰদিনৰ বাবে এই সংসাৰৰ পৰা বিদায় ল’লে। আধৰুৱা সপোনবোৰ বুকুত বান্ধি কেতিয়াও ঘূৰি নহা পথেৰে গুচি গ’ল প্ৰাৰ্থনা। কিন্তু তাৰ পিছৰ দৃশ্য দেখি উচুপি উঠিল উপস্থিত সকলো।
প্ৰাৰ্থনাৰ বিপদৰ সময়ত প্ৰতিটো মুহূৰ্তত ছাঁটোৰ দৰে আছিল বিতোপন তামুলী। প্ৰাৰ্থনা জীয়াই থাকোতে দুয়ো মিলি দেখা সপোন পূৰণ কৰিলে বিতোপনে। নিথৰ দেহৰ কাষত বহি বিতোপনে প্ৰাৰ্থনাৰ কপালত পিন্ধাই দিলে সেন্দুৰ। প্ৰাৰ্থনাৰ ডিঙিত পিন্ধাই দিলে মালা। প্ৰাৰ্থনাৰ মৃতদেহৰ সন্মুখতে নিজেও পিন্ধি ল’লে মালা। এই দৃশ্যই চকু সেমেকাই তুলিলে সকলোৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|