মুখ্যপৃষ্ঠা »খবৰ »অসম »ৰহাৰ ডিমৌত গুৱাহাটীৰ সাংস্কৃতিক দলৰ ওপৰত আক্ৰমণ ! মহিলা শিল্পীৰ ওপৰতো আক্ৰমণৰ অভিযোগ ...

ৰহাৰ ডিমৌত গুৱাহাটীৰ সাংস্কৃতিক দলৰ ওপৰত আক্ৰমণ ! মহিলা শিল্পীৰ ওপৰতো আক্ৰমণৰ অভিযোগ ...

ৰহাৰ ডিমৌত শনিবাৰে সন্ধিয়া এটা সাংস্কৃতিক দলৰ ওপৰত আক্ৰমণৰ দৰে এক অবাঞ্চিত ঘটনা সংঘটিত হয়। গুৱাহাটীৰ প্ৰতিধ্বনি নামৰ এটা সাংস্কৃতিক দলক ডিমৌৰ একাংশ উদণ্ড লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

ৰহাৰ ডিমৌত শনিবাৰে সন্ধিয়া এটা সাংস্কৃতিক দলৰ ওপৰত আক্ৰমণৰ দৰে এক অবাঞ্চিত ঘটনা সংঘটিত হয়। গুৱাহাটীৰ প্ৰতিধ্বনি নামৰ এটা সাংস্কৃতিক দলক ডিমৌৰ একাংশ উদণ্ড লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

  • Share this:
ৰহাৰ ডিমৌত শনিবাৰে সন্ধিয়া সংঘটিত হৈছে এক লজ্জাজনক ঘটনা।এটা সাংস্কৃতিক দলৰ ওপৰত আক্ৰমণৰ দৰে এক অবাঞ্চিত  ঘটনা সংঘটিত হয় ডিমৌত । গুৱাহাটীৰ প্ৰতিধ্বনি নামৰ এটা সাংস্কৃতিক দলক ডিমৌৰ একাংশ উদণ্ড লোকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ।

জানিব পৰা মতে কাজিৰঙাত যোৱা নিশা বিহু মঞ্চত অনুষ্ঠান পৰিবেশন কৰি দলটোৱে গুৱাহাটীলৈ উভতাৰ সময়ত ৰহাৰ ডিমৌত একে দিশত আহি থকা এখন খেৰৰ গাড়ীৰ লগত তৰ্ক বিতৰ্ক হৈছিল সাংস্কৃতিক দলটোৰ। কিয়নো খেৰ ভৰ্তি টাটা ম'বাইলখনৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ উপক্ৰম হৈছিল । পিচত দুয়োপক্ষৰ মাজত বুজাপৰা হৈছিল যদিও তাৰ পাছতেই এজন লোকে একাংশ লোকক উচতাই সাংস্কৃতিক দলটোক প্ৰহাৰ কৰে । আনকি মহিলা শিল্পীৰ ওপৰতো আক্ৰমণ কৰে বুলি অভিযোগ কৰিছে সাংস্কৃতিক দলটোৱে । উদণ্ড লোকৰ আক্ৰমণত সাংস্কৃতিক দলটোৰ মেনেজাৰ হিমান দাস আঘাতপ্ৰাপ্ত হয় ।পৰবৰ্তী সময়ত ডিমৌৰ আন একাংশ লোকে তৎপৰতাৰে দলটোক তাৰ পৰা আতৰাই পঠিয়াই।পিচত দলটোৱে ৰহা আৰক্ষী থানাত আশ্ৰয় লৈ আৰক্ষীক অভিযোগ দাখিল কৰে । সাংস্কৃতিক দলটোৰ ওপৰত এনেদৰে অবিবেচনাৰে আক্ৰমণ কৰা ঘটনাই  এতিয়া লজ্জানত কৰি তুলিছে ডিমৌ অঞ্চলবাসীক। শেহতীয়াকৈ ডিমৌত সংঘটিত হোৱা ঘটনা সন্দৰ্ভত সবিশেষ জানিব পাৰি ৰহাৰ বিধায়ক শশী কান্ত দাস ৰহা থানাত উপস্থিত হৈ শিল্পীসকলক সাক্ষাৎ কৰি ঘটনাটোৰ বাবে শিল্পী দলটোক ওচৰত দুখ প্ৰকাশ কৰে। অৱশ্যে পিছত দুয়োদলৰ মাজত বুজাবুজিৰে বিষয়টো নিস্পত্তি পৰে।

শেহতীয়া বাতৰি