সৰ্বসাধাৰণ ৰাইজৰ লগতে চিকিৎসা কৰ্মীৰ দেহতো ধৰা পৰিছে ক'ভিড ১৯ৰ ভাইৰাছৰ উপস্থিতি। ৬ জনকৈ চিকিৎসা কৰ্মীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি।
সৰ্বসাধাৰণ ৰাইজৰ লগতে চিকিৎসা কৰ্মীৰ দেহতো ধৰা পৰিছে ক'ভিড ১৯ৰ ভাইৰাছৰ উপস্থিতি। ৬ জনকৈ চিকিৎসা কৰ্মীৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি।
ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা । সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ নগাঁও জিলাৰ ৰহাতো সৰ্বসাধাৰণ ৰাইজৰ লগতে চিকিৎসা কৰ্মীৰ দেহতো ধৰা পৰিছে ক'ভিড ১৯ৰ ভাইৰাছৰ উপস্থিতি ।
ইতিমধ্যে ৰহা পৰিপূৰক স্বাস্থ্যকেন্দ্ৰৰ ৬ জনকৈ চিকিৎসা কৰ্মীৰ দেহত ক'ভিড ১৯ৰ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । বিগত তিনি দিনত ৰহাৰ ভিন্ন অঞ্চলৰ কুৰি জনতকৈ অধিক লোকৰ দেহত ধৰা পৰিছে ক'ভিডৰ উপস্থিতি ৷ মঙ্গলবাৰে দিনটোত চলা থকা ক'ভিড পৰীক্ষাত বহুকেইজন লোকৰ দেহত ধৰা পৰে ক'ভিড ১৯ৰ উপস্থিতি ৷ ৰহাত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা ক'ভিড পজিটিভৰ সংখ্যাই চিন্তিত কৰি তুলিছে সৰ্বসাধাৰণ ৰাইজক।ইতিমধ্যে এইক্ষেত্ৰত সকলোকে সজাগ আৰু সাৱধান হবলৈ ৰাইজক আহ্বান জনালে স্বাস্থ্য বিভাগে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|