• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত দুজন, আহত দুজন ...

ৰহাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, দুৰ্ঘটনাত থিতাতে নিহত দুজন, আহত দুজন ...

ৰহাত শুকুৰবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা AS 17 B 6871 নম্বৰৰ ট্ৰাকখনত পিচফালৰ পৰা খুন্দা মাৰে নগাঁও অভিমুখী NL 01AF 4022 নম্বৰৰ আন এখন ট্ৰাকে।

  • Share this:
ৰহাত শুকুৰবাৰে নিশা সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। ৰহাৰ জোঙালবলহু গড়ত সংঘটিত হৈছে এই দুৰ্ঘটনা। চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা AS 17 B 6871 নম্বৰৰ ট্ৰাকখনত পিচফালৰ পৰা খুন্দা মাৰে নগাঁও অভিমুখী NL 01AF 4022 নম্বৰৰ আন এখন ট্ৰাকে। দুৰ্ঘটনাত থিতাতে দুজন লোক নিহত হয় আৰু দুজন আহত হয়। আহত এজনৰ অৱস্থা অতি সংকট জনক।

জানিব পৰা মতে AS 17 B 6871 নম্বৰৰ ট্ৰাকখন যান্ত্ৰিক বিজুতি হোৱাত পথৰ কাষত ৰখাই থৈছিল আৰু মেৰামতিৰ বাবে সমীপৰ দীঘলীআটিৰ পৰা মেকানিক আনি মেৰামতি কৰি থাকোতেই পিচফালৰ পৰা NL 01AF 4022 নম্বৰৰ ট্ৰাকখনে প্ৰচণ্ড খুন্দা মাৰে ফলত মেকানিকসহ ৰৈ থকা ট্ৰাকখনৰ চালকজন নিহত হয়। নিহত এজনক ৰহাৰ দীঘলীআটিৰ আব্বাছ আলী (৪৫) বুলি জানিব পৰা গৈছে। নিহত আনজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই। আনহাতে আহত এজনৰ নাম জাইহিদ আলী, ঘৰ গোৱালপাৰা বুলি জানিব পৰা গৈছে। ইপিনে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকজন বহু সময় ধৰি ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ থাকে। ৰহা আৰক্ষী দুৰ্ঘটনাস্থলীত উপস্থিত হৈ চালকজনক উদ্ধাৰ কৰাৰ লগতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি