কলেজৰ দিনৰ পৰাই আছিল ৰফুলৰ লগত সম্পৰ্ক; ব্লেকমেইল আৰু হত্যাৰ ভাবুকিৰে ৰফুলে যুৱতীগৰাকীক কৰোৱাইছিল বাধ্য!

ক্ৰমাৎ ৰহস্যঘন হৈছে  বুঢ়া আৰক্ষী চকীত যুৱতীক নিৰ্যাতনৰ ঘটনা। ঘটনা সন্দৰ্ভত আকৌ মুখ খোলিছে অপহৃত যুৱতীগৰাকীয়ে।

News18-Assam
Updated:September 21, 2019, 4:01 PM IST
কলেজৰ দিনৰ পৰাই আছিল ৰফুলৰ লগত সম্পৰ্ক; ব্লেকমেইল আৰু হত্যাৰ ভাবুকিৰে ৰফুলে যুৱতীগৰাকীক কৰোৱাইছিল বাধ্য!
ক্ৰমাৎ ৰহস্যঘন হৈছে  বুঢ়া আৰক্ষী চকীত যুৱতীক নিৰ্যাতনৰ ঘটনা। ঘটনা সন্দৰ্ভত আকৌ মুখ খোলিছে অপহৃত যুৱতীগৰাকীয়ে।
News18-Assam
Updated: September 21, 2019, 4:01 PM IST
ক্ৰমাৎ ৰহস্যঘন হৈছে  বুঢ়া আৰক্ষী চকীত যুৱতীক নিৰ্যাতনৰ ঘটনা। ঘটনা সন্দৰ্ভত আকৌ মুখ খোলিছে অপহৃত যুৱতীগৰাকীয়ে।অপহৃত যুৱতীৰ বিষ্ফোৰক ভাষ্য। কলেজত নামভৰ্তি কৰাৰ পৰা ৰফুলৰ লগত বন্ধুত্ব আছিল অপহৃত যুৱতী গৰাকীৰ ৷ বন্ধুত্ব মুলক ভাৱে যুৱতীগৰাকীৰ পৰা ৰফুলে নিছিল যুৱতীগৰাকীৰ ব্যক্তিগত ফোনটো ৷  যুৱতী গৰাকীৰ ফোনতে ৰফুলে পাইছিল যুৱতী গৰাকীৰ ব্যক্তিগত ফটো ৷

অপহৃত যুৱতীগৰাকীয়ে লগতে কয় যে,   ‘হিন্দু যুৱক বুলি প্ৰথমে মোৰ লগত সম্পৰ্ক গঢ়িছিল ৰফুলে ।’ যুৱতীগৰাকীৰ ম’বাইল পোৱা ফটো ভাইৰেল কৰাৰ ভয় দেখুৱাই ৰফুলে যুৱতী গৰাকীক কৰিছিল ব্লেকমেইলিং ৷অৱশেষত যুৱতী গৰাকীয়ে ৰফুলৰ লগত সম্পৰ্ক কৰিবলৈ বাধ্য হল ৷ লগতে যুৱতীৰাকীয়ে ৰফুলক ভাল নাপালে মাৰি পেলোৱাৰ ভাবুকি দিছিল ৰফুলে ৷ যুৱতী গৰাকীৰ ম'বাইলত সেই তথ্য আছিল বাবে জব্দ কৰি ৰাখিছিল ম'বাইলটো ৷

এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৰফুল আৰু যুৱতীগৰাকীৰ বহু গোপন ফটো। ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোৰ বাবে ন্যায় বিচাৰিছে অপহৃত যুৱতীয়ে ৷ যুৱতী গৰাকীৰ ম'বাইল ৰফুলৰ পৰিয়ালৰ পৰা উদ্ধাৰ হ’লে ৰফুলৰ ভয়ংকৰ , ভয়লগা চৰিত্ৰ উন্মোচিত হোৱাৰ চাঞ্চল্যকৰ অভিযোগ কৰিছে যুৱতী গৰাকীয়ে ৷ ৰফুল সহ তিনি ভগ্নীৰ উচিত শাস্তিৰ দাবী অপহৃতা যুৱতী গৰাকীৰ ৷

 
আৰু চাওক পৰৱৰ্তী বাতৰি