বুঢ়া কাণ্ড : ভয়–ভাবুকিৰে যুৱতীক পলুৱাই অনা ৰফুলৰ মুখা খুলিলে প্ৰথম পত্নীয়ে

থম পত্নীয়ে অভিযোগ কৰা অনুসৰি, বহু নাৰীৰ সৈতে সম্পৰ্ক আছে ৰফুল আলীৰ।

News18-Assam
Updated:September 20, 2019, 4:22 PM IST
বুঢ়া কাণ্ড : ভয়–ভাবুকিৰে যুৱতীক পলুৱাই অনা ৰফুলৰ মুখা খুলিলে প্ৰথম পত্নীয়ে
থম পত্নীয়ে অভিযোগ কৰা অনুসৰি, বহু নাৰীৰ সৈতে সম্পৰ্ক আছে ৰফুল আলীৰ।
News18-Assam
Updated: September 20, 2019, 4:22 PM IST
দৰঙৰ বুঢ়া কাণ্ডক লৈ পোহৰলৈ আহিছে এটাৰ পিছত আনটো নতুন কথা। এইবাৰ যুৱতীক ভয়–ভাবুকিৰে পলুৱাই অনা ৰফুলৰ মুখা খুলিলে তেওঁৰ প্ৰথম পত্নীয়ে। প্ৰথম পত্নীয়ে অভিযোগ কৰা অনুসৰি, বহু নাৰীৰ সৈতে সম্পৰ্ক আছে ৰফুল আলীৰ। ১৩ বছৰ বয়সতে প্ৰথম পত্নীক পলুৱাই আনিছিল ৰফুলে। পত্নীৰ ওপৰত ৰফুলে চলাইছিল অকথ্য নিৰ্যাতন। নিৰ্যাতন সহিব নোৱাৰি বিচ্ছেদলৈ আগবাঢ়িছিল প্ৰথম পত্নী।

আনহাতে, ৰফুলৰ প্ৰথম পত্নীয়ে কয় যে ৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাত বুঢ়া আৰক্ষী চকীত উপস্থিত হৈছিল ৰফুলৰ প্ৰথম পত্নী। আৰক্ষী চকীত প্ৰত্যক্ষ কৰিছিল ৰফুলৰ ভগ্নীক। কিন্তু আৰক্ষী চকীত থকাৰ সময় ৰূফুলৰ ভগ্নীৰ দেহত কোনো আঘাতৰ চিন প্ৰত্যক্ষ কৰা নাছিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি