ৰাস মহোৎসৱৰ দিনাই হোজাইৰ যমুনামুখত ৰহস্যজনক ঘটনা। যমুনামুখৰ কঁহাৰ গাঁৱত মাটি খান্দোতেই মাটিৰ তলৰ পৰা ওলাল ৰাধা–কৃষ্ণৰ মূৰ্তি৷ কঁহাৰ গাঁৱৰ ৰত্নেশ্বৰ শৰ্মা নামৰ লোকজনে আজি পুৱা নিজৰ ঘৰৰ চৌহদতে এজোপা কপাহ গছৰ মূঢ়া খন্দোতেই মাটিৰ তলত ওলাল ৰাধা–কৃষ্ণৰ মূৰ্তি৷
প্ৰথম অৱস্থাত লোকজনে অলপ ভয় খায় যদিও পিছত মূৰ্তিটো উদ্ধাৰ কৰি চাফ–চিকুন কৰি নিজৰ ঘৰত আনি পূজা–পাতল আৰম্ভ কৰে৷ ইফালে পবিত্ৰ ৰাস মহোৎসৱৰ দিনাই এনেদৰে ৰাধা–কৃষ্ণৰ মূৰ্তি ওলোৱাক লৈ স্থানীয় ৰাইজৰ মাজত হেতা–ওপৰা লাগে৷ অগনন লোকে মূৰ্তি চাবলৈ ৰত্নেশ্বৰ শৰ্মা নামৰ লোকজনৰ ঘৰত ভিৰ কৰে৷
স্থানীয় একাংশ লোকে সন্দেহ কৰা মতে, মূৰ্তিটো অষ্ট ধাতুৰে নিৰ্মিত আৰু পুৰণি ৰজাদীনীয়া কালৰ৷ পুৰাতত্ব বিভাগে মূৰ্তিটো পৰীক্ষা কৰাৰ অন্ততহে গম পোৱা যাব যে মূৰ্তিটো কিমান পূৰণি৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|