உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Rabha Hasong: আকৌ অশান্ত হোৱাৰ দিশে ৰাভা হাছং! মিত্ৰজোঁটত থকাৰ পিছতো চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী

    Rabha Hasong: আকৌ অশান্ত হোৱাৰ দিশে ৰাভা হাছং! মিত্ৰজোঁটত থকাৰ পিছতো চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী

    চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি তিনি ৰাভা জাতীয় সংগঠনৰ প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা

    চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি তিনি ৰাভা জাতীয় সংগঠনৰ প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা

    চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰি তিনি ৰাভা জাতীয় সংগঠনৰ প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা

    • Share this:
    পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং! চৰকাৰৰ সৈতে মিত্ৰতাত থকা ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ তিনি ৰাভা জাতীয় সংগঠনৰ হুংকাৰ চৰকাৰৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি প্ৰতিশ্ৰুতি পালন নকৰা তথা ৰাভা হাছং এলেকাত বসবাস কৰা বিভিন্ন জাতি–জনগোষ্ঠীৰ অমীমাংসিত সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দি ৰূপায়ণ নকৰা চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ৰাভা সংগঠনৰ নেতৃত্বই।

    যৌথ সংগ্ৰাম সমিতিৰ (Rabha Hasong Joint Movement Committee) সৈতে মিত্ৰতাৰে চৰকাৰ গঠন কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনে বিগত পাঁচটা বছৰ আৰু চলিত চৰকাৰৰ প্ৰায় এটা বছৰত ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যাৰ লগতে মূলতঃ ৰাভা হাছং পৰিষদখনক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাত ব্যৰ্থ হোৱা বুলি চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আজি নিখিল ৰাভা ছাত্ৰ সন্থাৰ গোৱালপাৰা জিলা সমিতি, ৰাভা হাছং মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়ে এখন সংবাদমেল সম্বোধন কৰি কয়- ''বিগত প্ৰায় ছটা বছৰে বিজেপি চৰকাৰখনে (BJP Govt) ৰাভা হাছং এলেকাৰ বিভিন্ন সমস্যা সমাধান কৰাৰ লগতে ৰাভা হাছংবাসীৰ দীৰ্ঘদিনীয়া দাবী “ষষ্ঠ অনুসূচী” প্ৰদান কৰাক লৈ কেৱল প্ৰতিশ্ৰুতিহে দিলে ৷ সেই প্ৰতিশ্ৰুতিসমূহ কিন্তু সমাধানৰ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে চৰকাৰখনে, যাৰ বাবে এই তিনি সংগঠনে অহা ২ এপ্ৰিলৰ পৰা ২৬ মে’লৈকে প্ৰায় দুমহীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে ৷''

    সমিতিয়ে আন্দোলনৰ কাৰ্যসূচীও ঘোষণা কৰিছে। এই ঘোষণা অনুসৰি অহা ২ এপ্ৰিলত গোৱালপাৰা জিলাৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জোঁৰ সমদল, ৬ এপ্ৰিলৰ পৰা ১০ এপ্ৰিললৈকে জয়ৰামকুছিৰ পৰা ধূপধৰালৈকে চাইকেল ৰেলী। ২২ এপ্ৰিলত গোৱালপাৰা জিলাৰ শোলমাৰী, দুধনৈ, ধূপধৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মানৱ শৃংখলৰ কাৰ্যসূচী ৷ ২৬ এপ্ৰিলৰ পৰা ২২ মে লৈকে জিলাখনৰ প্ৰতিটো আঞ্চলিক ভিত্তিত জনসম্পৰ্ক যাত্ৰা, ২৪ মে'ৰ পৰা ২৬ মে'লৈ জয়ৰামকুছিৰ পৰা ধূপধৰালৈকে বাইক ৰেলী।”

    আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰি সংগঠন কেইটাৰ নেতৃত্বই কয় যে চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে এই আন্দোলন (movement against the cheating of the government) এই আন্দোলনৰ পিছতো যদি বিজেপি চৰকাৰখনে দাবী বা সমস্যাসমূহ সমাধানত গুৰুত্ব প্ৰদান নকৰে তেন্তে অনাগত সময়ত চৰকাৰী কাৰ্যালয়ৰ সমুখত ধৰ্ণা, জিলা বন্ধ আৰু অৰ্থনৈতিক পথ অৱৰোধৰ দৰে জংগী আন্দোলন কৰিব।
    Published by:Gautam Barman
    First published: