মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Assam-Mizoram Border Clash : অসমক দুৰ্বল বুলি ভাৱি কোনোৱে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীয়ে : টংকেশ্বৰ ৰাভা

Assam-Mizoram Border Clash : অসমক দুৰ্বল বুলি ভাৱি কোনোৱে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীয়ে : টংকেশ্বৰ ৰাভা

News18 Assam | News18-Assam
Updated:July 29, 2021, 9:07 AM IST
Assam-Mizoram Border Clash : অসমক দুৰ্বল বুলি ভাৱি কোনোৱে যাতে আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক মুখ্যমন্ত্ৰীয়ে : টংকেশ্বৰ ৰাভা
ৰাভাই কয়-  “সাত ৰাজ্যৰ ভিতৰত জেষ্ঠ ভাতৃ হিচাবে আছে অসম, এই অসমক যাতে দুৰ্বল বুলি ভাৱি কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷’’

ৰাভাই কয়-  “সাত ৰাজ্যৰ ভিতৰত জেষ্ঠ ভাতৃ হিচাবে আছে অসম, এই অসমক যাতে দুৰ্বল বুলি ভাৱি কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷’’

  • Share this:
অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজোৰামৰ বৰ্বৰতাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিক্ৰিয়া, প্ৰতিবাদ৷ ক’ৰবাত যদি মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ হৈছে , ক’ৰবাত আকৌ অৰ্থনৈতিক পথ অৱৰোধ আৰু আন্দোলন৷ তাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ বিভিন্ন জাতীয় সংগঠনৰ লগতে চৰকাৰ -বিৰোধী সকলো পক্ষই৷ কোনোবাই যদি এই ক্ষেত্ৰত চৰকাৰক দোষাৰোপ কৰিছে আন কোনোৱে আকৌ মিজোৰামৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰো দাবী কৰিছে৷ একে সময়তে এইবাৰ লাইলাপুৰৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই৷

ৰাভাই কয়-  “সাত ৰাজ্যৰ ভিতৰত জেষ্ঠ ভাতৃ হিচাবে আছে অসম, এই অসমক যাতে দুৰ্বল বুলি ভাৱি কোনেও আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই বিষয়ত বিজেপি নেতৃতাধীন চৰকাৰখনে চকু ৰাখক বা নিশ্চিতভাৱে ৰাখিব৷ তেওঁ লগতে আশা প্ৰকাশ কৰে যে আহি থকা দিনবোৰত অসমৰ কোনো জোৱান বা অসমৰ জনসাধাৰণ মিজোৰাম নাইবা আন ৰাজ্য কেইখনৰ গুলীত মৃত্যু নহয় তাৰ বাবে মুখ্যমন্ত্ৰীৰ লগতে গৃহ মন্ত্ৰণালয়ে নিশ্চিতভাৱে ব্যবস্থা গ্ৰহণ কৰিব৷

মিজো আৰক্ষী আৰু মিজো দুৰ্বৃত্তৰ লগত হোৱা সংঘৰ্ষত মৃত্যুবৰণ কৰা অসম আৰক্ষীৰ জোৱানকেইজনৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোক–সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনায় টংকেশ্বৰ ৰাভাই৷ উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য দিছিল, “কেন্দ্ৰই ক’লে বৰাক, গুৱাহাটী, নলবাৰীও মিজোৰামক দি দিম।” ইয়াৰ পিছতে বিৰোধীয়ে আক্ৰমণৰ লক্ষ্য কৰি লৈছে মুখ্যমন্ত্ৰীগৰাকীক, কিন্তু বিৰোধীৰ আক্ৰমণৰ প্ৰত্যুত্তৰো দিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীগৰাকীক৷
Published by: Sanjay Kumar Das
First published: July 29, 2021, 9:07 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি