உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Bishnu Prasad Rabha Remembered : অভিনৱ শিল্পৰে কলাগুৰুক স্মৰণ এগৰাকী ছাত্ৰীৰ। টেবলেটত বিষ্ণু ৰাভাৰ ছবি কৰিলে অংকন।

    Bishnu Prasad Rabha Remembered : অভিনৱ শিল্পৰে কলাগুৰুক স্মৰণ এগৰাকী ছাত্ৰীৰ। টেবলেটত বিষ্ণু ৰাভাৰ ছবি কৰিলে অংকন।

    যোৰহাটৰ কলাখোৱাৰ বিনীতা ডেকাই এটি টেবলেটত বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha)ৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনায় শিল্পীজনাক।

    যোৰহাটৰ কলাখোৱাৰ বিনীতা ডেকাই এটি টেবলেটত বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha)ৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনায় শিল্পীজনাক।

    যোৰহাটৰ কলাখোৱাৰ বিনীতা ডেকাই এটি টেবলেটত বিষ্ণু প্ৰসাদ ৰাভা (Bishnu Prasad Rabha)ৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনায় শিল্পীজনাক।

    • Share this:
    আজি কলাগুৰু বিষ্ণু ৰাভা দিৱস। অসমীয়া জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী, কৃষ্টিৰ পথাৰ সাৰুৱা কৰি অসমীয়া জাতিৰ ভঁৰাল চহকী কৰি থৈ যোৱা মহান শিল্পীজনৰ মৃত্যু তিথিত সকলোৱে আন্তৰিকতাৰে সোঁৱৰিছে তেওঁৰ সৃষ্টিৰাজিক, তেওঁৰ আদৰ্শক। যদিও ক'ভিড মহামাৰীৰ বাবে ৰাজ্যবাসীয়ে ৰাজহুৱাকৈ মহান শিল্পীজনাক সুঁৱৰি অনুষ্ঠানৰ আয়োজন কৰা নাই, তথাপিও বহুজনে নিজ নিজ প্ৰতিভা তথা কৰ্মৰ জড়িয়তে স্মৰণ কৰিছে কলাগুৰু।

    ৰাভা দিৱসৰ দিনা যোৰহাটৰ কলাখোৱাৰ বিনীতা ডেকা নামৰ এইগৰাকী ছাত্ৰীয়ে এনেদৰে এটি টেবলেটত বিষ্ণু ৰাভাৰ প্ৰতিচ্ছবি অংকন কৰি শ্ৰদ্ধাঞ্জলি জনায় শিল্পীজনাক। এই অভিনৱ শিল্পৰে কলাগুৰুক স্মৰণ কৰিলে বিনীতাই।

    সোণাপুৰৰ ডিমৰীয়া কলেজৰ বিজ্ঞান বিভাগৰ ছাত্ৰী বিনিতা ডেকাই কয়- জ্যোতি, বিষ্ণুৰ চিৰসেউজ সৃষ্টি ৰাজিৰ জড়িয়তে আজিও অসমীয়া সাহিত্য- সংস্কৃতিৰ ভঁৰাল চহকী হৈ আছে। এইসকল মহা-মনিষীৰ ত্যাগ কোনোগুণে নুই কৰিব নোৱাৰি। বিষ্ণু প্ৰসাদ ৰাভাৰ  স্মৃতি, সৃষ্টিৰাজি চিৰদিন চিৰপ্ৰৱাহিত হৈ থাকিব।

    উল্লেখ্য যে সৰুৰেপৰাই ছবি আঁকি ভালপোৱা বিনীতাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা ভিন্ন চিত্ৰসমুহে বিশেষ সমাদৰ লাভ কৰিছে।
    Published by:Manjumoni Borah
    First published: