২৩ মে’ৰ পিছত TMCলৈ আৰ পি শৰ্মা!

NEWS18ৰ সৈতে এক টেলিফোনিক সাক্ষাৎকাৰত আৰ পি শৰ্মাই TMCৰ পৰা প্ৰস্তাৱ পোৱাৰ কথা স্বীকাৰ কৰিছে। আন এগৰাকী আঞ্চলিক দলৰ জ্যেষ্ঠ নেতায়ো TMCত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে সাংসদগৰাকীয়ে।

news18assam
Updated:May 17, 2019, 1:59 PM IST
২৩ মে’ৰ পিছত TMCলৈ আৰ পি শৰ্মা!
NEWS18ৰ সৈতে এক টেলিফোনিক সাক্ষাৎকাৰত আৰ পি শৰ্মাই TMCৰ পৰা প্ৰস্তাৱ পোৱাৰ কথা স্বীকাৰ কৰিছে। আন এগৰাকী আঞ্চলিক দলৰ জ্যেষ্ঠ নেতায়ো TMCত যোগদান কৰাৰ সম্ভাৱনা প্ৰকট কৰিছে সাংসদগৰাকীয়ে।
news18assam
Updated: May 17, 2019, 1:59 PM IST
বিজেপিৰ সৈতে দীঘলীয়া সংগ ত্যাগ কৰি শীঘ্ৰে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগদান কৰিব পাৰে সাংসদ আৰ পি শৰ্মাই। তেজপুৰৰ টিকটবঞ্চিত জ্যেষ্ঠ বিজেপি নেতাগৰাকীক ৰাজ্যিক TMCৰ পদ যাঁচিছে দলটোৱে।

‘নৰ্থ ইষ্ট নাও’ত প্ৰকাশ পোৱা তথ্য অনুসৰি আৰ পি শৰ্মাই ২৫ মে’ত তৃণমূল কংগ্ৰেছত যোগদান কৰি দলৰ সভাপতিৰ দায়িত্ব গোপীনাথ দাসৰ পৰা নিজৰ হাতলৈ অনাৰ কথা। ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ পৰ্যবেক্ষক ফিৰহাদ হাকিমৰ সৈতে কলকাতাত কিছুদিন পূৰ্বে এই সন্দৰ্ভত এক বৈঠকত মিলিত হৈছিল আৰ পি শৰ্মা। ৰাজ্যিক TMCৰ মুখপাত্ৰ ভৱানী কলিতাই সঘন যোগাযোগ ৰাখিছে আৰ পি শৰ্মাৰ সৈতে।

তেজপুৰৰ টিকট নোপোৱাৰ বাবেই দলৰ ওপৰত খৰ্গহস্ত হৈ যোৱা ১৬ মাৰ্চত দিল্লীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছিল আৰ পি শৰ্মাই। NEDAৰ আহ্বায়ক তথা বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বাৰুকৈয়ে খৰ্গহস্ত হৈ আছে শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বাবেই দলত পূৰণি বিজেপি নেতা একাষৰীয়া হোৱাৰ অভিযোগ কৰিছিল সাংসদগৰাকীয়ে।

NEWS18ৰ সৈতে এক টেলিফোনিক সাক্ষাৎকাৰত আৰ পি শৰ্মাই TMCৰ পৰা প্ৰস্তাৱ পোৱাৰ কথা স্বীকাৰ কৰিছে। NPP, কংগ্ৰেছ আৰু অগপৰ পৰাও তেওঁলৈ অফাৰ থকাৰ কথা উল্লেখ কৰিছে আৰ পি শৰ্মাই। অগপৰ এটা গোটে প্ৰফুল্ল মহন্তক মুখ্যমন্ত্ৰীৰূপে প্ৰক্ষেপ কৰি তেওঁক এক গুৰুত্বপূৰ্ণ দায়িত্ব ল’বলৈ আহ্বান জনাইছে। অৱশ্যে ২৩ মে’ৰ দিনাহে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলি উল্লেখ কৰে শৰ্মাই।
আৰু চাওক পৰৱৰ্তী বাতৰি