হিমন্তক মই নচুৱাই আছোঃ আৰ পি শৰ্মা

‘হিমন্তক মই নচুৱাই আছো, গুৱাহাটীতো নাচিব লাগিব বুলি কৈছিলো নাচিছে, উজুটিও খাইছে কিন্তু নাচিছেও আৰু বহুত নাচিব লাগিব।’– হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক লৈ আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

Dulu Medhi | news18assam
Updated:April 22, 2019, 2:29 PM IST
হিমন্তক মই নচুৱাই আছোঃ আৰ পি শৰ্মা
আৰ পি শৰ্মা
Dulu Medhi | news18assam
Updated: April 22, 2019, 2:29 PM IST
পুনৰ ক’লা কোট পৰিধান কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত উপস্থিত আৰ পি শৰ্মা। ‘অধিবক্তাৰ পেছালৈ আহিলেও ৰাজনীতি নেৰে, ২০২১ চনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণৰ আশা,  ১২-১৪বছৰ ৰাজনীতিৰ লগত জড়িত থাকিব, তেজপুৰত প্ৰচাৰ নচলালেও পল্লৱ লোচনৰ বিৰোধিতা কৰা নাই শৰ্মাই, দলে বিচাৰিল প্ৰচাৰ চলালে হয়।’– এই মন্তব্য ৰাম প্ৰসাদ শৰ্মাৰ।
আৰ পি শৰ্মাৰ দাবী প্ৰধানমন্ত্ৰী হ'ব নৰেন্দ্ৰ মোদীয়েই। ‘অসমতো বিজেপিয়ে দেখুৱাব ভাল ফলাফল, কুইন ওজাৰ হৈ প্ৰচাৰো চলাইছে আৰ পি শৰ্মাই।’– আৰ পি শৰ্মা। RSSৰ আদৰ্শত থাকি বিজেপিতে থকাৰ কথা ক’লে আৰ পি শৰ্মাই। 

‘হিমন্তক মই নচুৱাই আছো, গুৱাহাটীতো নাচিব লাগিব বুলি কৈছিলো নাচিছে, উজুটিও খাইছে কিন্তু নাচিছেও আৰু বহুত নাচিব লাগিব।’– হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যক লৈ আৰ পি শৰ্মাৰ প্ৰতিক্ৰিয়া প্ৰকাশ।

 
আৰু চাওক পৰৱৰ্তী বাতৰি