৫ হাজাৰ যোগ্য অসমীয়া অভিযন্তাক নিযুক্তি দিব কুইপ'ই! ULFA-I আৰু কুইপ'ৰ মধ্যস্থতা প্ৰায় সম্পন্ন

এই হিচাপত অতি সোনকালে অপহৃত দুই বিষয়াক উভতাই পোৱাৰ আশা প্ৰকাশ কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে ৷
এই হিচাপত অতি সোনকালে অপহৃত দুই বিষয়াক উভতাই পোৱাৰ আশা প্ৰকাশ কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে ৷
- News18 Assam
- Last Updated: March 1, 2021, 9:44 PM IST
কুইপ' নামৰ তৈলক্ষেত্ৰ খননকাৰী কোম্পানীটোক আলফা স্বাধীনে দিয়া চৰ্তক কোম্পানীটোৱে মানি লৈছে বুলি সদৰি কৰিছে মধ্যস্থতাকাৰী কৌশিক ফুকনে ৷ মধ্যস্থতাকাৰী কৌশিক ফুকনে News18ক ক'লে- “পৰেশ বৰুৱাই বান্ধি দিয়া থলুৱা নিযুক্তিৰ চৰ্ত মানি লৈছে কুইপ'ই ৷ ৫ হাজাৰ যোগ্য অভিযন্তাক কুইপ'ত নিযুক্তিৰ বাবে সন্মতি প্ৰকাশ।
উল্লেখযোগ্য যে, বিগত ২১ ডিচেম্বৰতেই আলফা স্বাধীন আৰু NSCN-K-এ অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ কৰি নিছিল কুইপ'ৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক ৷ দুয়োজন বিষয়াৰ মুক্তিপণ হিচাপে এলানি চৰ্ত আৰোপ কৰিছিল আলফা স্বাধীনে ৷