ডেডলাইন উকলি যোৱাৰ পিছত মুখ খুলিছে কুইপ’ই; আলফাৰে আলোচনা কৰাৰ আশ্বাস

News18 Assam | News18-Assam
Updated:February 20, 2021, 5:45 PM IST
ডেডলাইন উকলি যোৱাৰ পিছত মুখ খুলিছে কুইপ’ই; আলফাৰে আলোচনা কৰাৰ আশ্বাস
সময়সীমা উকলি যোৱাৰ পাছত উগ্ৰপন্থী সংগঠন আলফাই দুই অপহৃত ব্যক্তিক সোমবাৰে চৰম শাস্তি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পিছত মুখ খুলিছে কুইপ’ই।

সময়সীমা উকলি যোৱাৰ পাছত উগ্ৰপন্থী সংগঠন আলফাই দুই অপহৃত ব্যক্তিক সোমবাৰে চৰম শাস্তি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পিছত মুখ খুলিছে কুইপ’ই।

  • Share this:
সময়সীমা উকলি যোৱাৰ পাছত উগ্ৰপন্থী সংগঠন আলফাই দুই অপহৃত ব্যক্তিক সোমবাৰে চৰম শাস্তি প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পিছত মুখ খুলিছে কুইপ’ই। কুইপ’ অইল এণ্ড গেছ ইনফ্ৰাচট্ৰাকছাৰ লিমিটেডৰ গুৰুগ্ৰামৰ কাৰ্যালয়ৰ পৰা প্ৰতিষ্ঠানটোৰ মুখপাত্ৰ এগৰাকীয়ে শনিবাৰে টেলিফোন যোগে  News18ক কয় যে,  'উগ্ৰপন্থী সংগঠনে বান্ধি দিয়া সময়সীমাৰ অন্ত পৰিলেও প্ৰতিষ্ঠানটোৱে আলোচনা চলাই যাব । অসমৰ এজন প্ৰতিষ্ঠিত লোকে এই আলোচনাৰ মধ্যস্থতা কৰি আছে । '

প্ৰতিষ্ঠানটোৰ প্ৰতিনিধি গৰাকীয়ে জনোৱা মতে, ২১ ডিচেম্বৰ তাৰিখে তেওঁলোকৰ বিষয়া প্ৰণৱ গগৈ আৰু কৰ্মচাৰী ৰাম কুমাৰক অপহৰণ কৰা হৈছিল। পিছত উগ্ৰপন্থী সংগঠন আলফা আৰু NSCNএ অপহৰণৰ দায়িত্ব স্বীকাৰ কৰি প্ৰতিষ্ঠানটোৰ পৰা অপহৃত লোক দুজনৰ মুক্তিৰ বিনিময়ত ২০ কোটি টকা দাবী কৰিছিল। তেওঁ লগতে কয়, ডিচেম্বৰ মাহৰ পৰাই উগ্ৰপন্থী সংগঠনৰে আলোচনা চলি আছিল আৰু যোৱা কিছু সপ্তাহ ধৰি বহুবাৰ টেলিফোন যোগে কথা বতৰা হৈছিল। প্ৰতিষ্ঠানটোৰ কেইজনমান দায়িত্বশীল বিষয়াই ইয়াৰ কাৰণে অৰুণাচলত বাহৰ পাতি আছিল বুলিও তেওঁ অৱগত কৰে।

তেওঁলোকে চোৰাংচোৱা সংস্থা, কেন্দ্ৰীয় চৰকাৰৰ আৰু ৰাজ্য চৰকাৰৰ লগত আলোচনাত মিলিত হৈছিল আৰু এতিয়াও প্ৰতিষ্ঠানটোৱে উগ্ৰপন্থী সংগঠনৰে আলোচনা চলাই যাব বুলি মন্তব্য কৰে প্ৰতিনিধি গৰাকীয়ে ।

প্ৰতিনিধি গৰাকীয়ে লগতে কয় – কুইপ’ৰ উত্তৰ পূৱত ৮০০বিষয়া/কৰ্মচাৰী আছে আৰু প্ৰতিষ্ঠানটোৱে উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থনৈতিক বিকাশত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে ।
Published by: Himangshu Bhuyan
First published: February 20, 2021, 5:45 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি