• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটীলৈ ভয়তে নাহিল কুইপ'ৰ কৰ্তৃপক্ষ! আলোচনাৰ বাবে দিল্লীলৈ মাতিলে মধ্যস্থতাকাৰীক

গুৱাহাটীলৈ ভয়তে নাহিল কুইপ'ৰ কৰ্তৃপক্ষ! আলোচনাৰ বাবে দিল্লীলৈ মাতিলে মধ্যস্থতাকাৰীক

আলফা স্বাধীনৰ কব্জাৰ পৰা দুই অপহৃত বিষয়াই মুক্তি লাভ কৰিব পাৰিবনে?

আলফা স্বাধীনৰ কব্জাৰ পৰা দুই অপহৃত বিষয়াই মুক্তি লাভ কৰিব পাৰিবনে?

আলফা স্বাধীনৰ কব্জাৰ পৰা দুই অপহৃত বিষয়াই মুক্তি লাভ কৰিব পাৰিবনে?

  • Share this:
আলফা স্বাধীনৰ কব্জাৰ পৰা দুই অপহৃত বিষয়াই মুক্তি লাভ কৰিব পাৰিবনে? মধ্যস্থতাকাৰীৰ সৈতে এই সন্দৰ্ভত আনুষ্ঠানিক আলোচনা কৰিবলৈ কুইপ'ৰ কৰ্তৃপক্ষ গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও অৱশেষত নাহিল ৷ ইয়াৰ বিপৰীতে মধ্যস্থতাকাৰী কৌশিক ফুকনক দিল্লীলৈ মাতি নিলে কুইপ'ৰ কৰ্তৃপক্ষই ৷

আলফা স্বাধীনৰ ভাবুকিৰ পিছত অসম আৰু অৰুণাচলত এটাৰ পিছত এটাকৈ কাৰ্যালয় আৰু ৰিগৰ কাম বন্ধ কৰি দিছে কুইপ' নামৰ বহুজাতিক তৈলক্ষেত্ৰ খননকাৰী কোম্পানীটোয়ে ৷ কিন্তু আলফা স্বাধীনৰ কব্জাত থকা বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক এতিয়াও মুকলি কৰি দিয়া নাই সশস্ত্ৰ বিদ্ৰোহী সংগঠনটোৱে ৷ মধ্যস্থতা অব্যাহত ৰাখিছে মধ্যস্থতাকাৰী কৌশিক ফুকনৰ জৰিয়তে ৷

বুধবাৰে বিয়লি মধ্যস্থতাকাৰীৰ সৈতে আনুষ্ঠানিক আলোচনা কৰিবলৈ গুৱাহাটীত উপস্থিত হোৱাৰ কথা আছিল কুইপ'ৰ কৰ্তৃপক্ষ ৷ কিন্তু গুৱাহাটীলৈ নাহিল কুইপ'ৰ কৰ্তৃপক্ষ ৷ ভীতিগ্ৰস্ত কুইপ'ৰ কৰ্তৃপক্ষই বৃহস্পতিবাৰে দিল্লীলৈ মতাই নিলে মধ্যস্থতাকাৰী কৌশিক ফুকনক ৷ বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা কুইপ' কৰ্তৃপক্ষৰ সৈতে আলোচনাত বহিব কৌশিক ৷

News18ৰে হোৱা বাৰ্তালাপত মধ্যস্থতাকাৰী কৌশিকে সদৰি কৰে যে, আলফা স্বাধীনৰ প্ৰথম চৰ্ত ইতিমধ্যে মানি লৈছে কুইপ'ই ৷ দ্বিতীয় চৰ্ত- কোম্পানীটোত থলুৱা যুৱক-যুৱতীৰ নিয়োগৰ প্ৰসংগত আজি দিল্লীত আনুষ্ঠানিক আলোচনা হ'ব ৷ কৌশিক ফুকনে সদৰি কৰা মতে, চলিত মাহতেই সম্ভৱত আলফা স্বাধীনে অপহৃত ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈক মুকলি কৰি দিব ৷
Published by:Himangshu Bhuyan
First published: