দুই বিষয়াৰ মুক্তিৰ বিনিময়ত আলফা(স্বাঃ)ক কোনো প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই কুইপ’ই

প্ৰতিষ্ঠানটোৰ গুৰুগ্ৰামস্থিত কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে গগৈ আৰু ৰামৰ মুক্তিৰ বিনিময়ত কোনো মুক্তিপণ পৰিশোধ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।
প্ৰতিষ্ঠানটোৰ গুৰুগ্ৰামস্থিত কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে গগৈ আৰু ৰামৰ মুক্তিৰ বিনিময়ত কোনো মুক্তিপণ পৰিশোধ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে।
- News18 Assam
- Last Updated: March 2, 2021, 8:09 PM IST
তাৰ পিছত প্ৰতিষ্ঠানটোৰ Chief Financial Officer হিচাপে কৰ্মৰত সৌম্য শ্ৰীকান্তে News18ৰে WhatsApp call যোগে হোৱা কথা–বতৰাত আলফা স্বাধীনৰ দাবী মানি লোৱাৰ কথা অস্বীকাৰ কৰে। ৫০০০ জন স্থানীয় লোকক সংস্থাপন দিয়াৰ সন্দৰ্ভত তেওঁ কয় – উত্তৰ পূবত কুইপ’ত ৮০০ স্থানীয় লোকে প্রত্যক্ষ ৰূপত কাম কৰি আছে। পৰৱৰ্তী সময়ত প্ৰতিষ্ঠানৰ নিজৰ সম্প্ৰসাৰণৰো পৰিকল্পনা আছে আৰু প্ৰতিষ্ঠানটোৱে অঞ্চলটোৰ অৰ্থনৈতিক উত্তৰণতো অৱদান আগবঢ়াব।
প্ৰতিষ্ঠানটোৰ গুৰুগ্ৰামস্থিত কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে গগৈ আৰু ৰামৰ মুক্তিৰ বিনিময়ত কোনো মুক্তিপণ পৰিশোধ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে। তেওঁ কয় – “বিভিন্ন সময়ত দুই অপহৃত ব্যক্তিৰ বিভ্ৰান্তিকৰ বাতৰি আহিছিল। আমি কোনো মুক্তিপণ পৰিশোধ কৰা নাই। আলোচনা চলাই যোৱাত আমি আগ্ৰহী আৰু এতিয়াও আমি মানৱীয়তাৰ খাতিৰত দুয়োকে মুক্তি দিবলৈ আহ্বান জনাইছো। সংবাদ মাধ্যমক প্ৰকাশ কৰা ধৰণে যদিহে দুই ব্যক্তিক মুক্তি দিয়া হয়; সকলোতকৈ সুখী মই হ’ম।’’