• Home
  • »
  • News
  • »
  • assam
  • »
  • কোৰোণাৰ ভেকচিন ল'বলৈ নৈশ যাপন লখিমপুৰৰ ভেকচিনেশ্যন কেন্দ্ৰৰ সমুখত! শুকুৰবাৰে নিশাৰ পৰাই পাতিলে শাৰী...

কোৰোণাৰ ভেকচিন ল'বলৈ নৈশ যাপন লখিমপুৰৰ ভেকচিনেশ্যন কেন্দ্ৰৰ সমুখত! শুকুৰবাৰে নিশাৰ পৰাই পাতিলে শাৰী...

 সান্ধ্য আইন চলি থকাৰ মাজতে  লখিমপুৰৰ PNGB বিদ্যালয়ৰ ভেকচিনেশ্যন চেণ্টাৰৰ বাহিৰত শুকুৰবাৰে নিশাৰ পৰাই এনেদৰে ভিৰ কৰিলে একাংশ লোকে।

  • Share this:
অবিশ্বাস্য! কোৰোণাৰ ভেকচিন লবলৈ ভেকচিনেশ্যন কেন্দ্ৰৰ সন্মুখত নৈশ যাপন কৰিলে বহু সংখ্যক লোকে। লখিমপুৰত দেখা গ'ল এই দৃশ্য। সান্ধ্য আইন চলি থকাৰ মাজতে  লখিমপুৰৰ PNGB বিদ্যালয়ৰ ভেকচিনেশ্যন চেণ্টাৰৰ বাহিৰত শুকুৰবাৰে নিশাৰ পৰাই এনেদৰে ভিৰ কৰিলে একাংশ লোকে।

উল্লেখ্য যে, ৰাজ্যত যোৱা ২১ জুনৰ পৰা ব্যাপক ৰূপত কোৰোণাৰ ভেকচিন প্ৰদান কৰা হৈছে। বঢ়াই দিয়া হৈছে ভেকচিনেশ্যন চেণ্টাৰ। প্ৰতিটো চেণ্টাৰতে দেখিবলৈ পোৱা গৈছে ৰাইজৰ অভাৱনীয় ভিৰ। প্ৰতিদিনাই দীঘলীয়া শাৰী পাতিও বহুলোক বিমুখ হৈ উভতি যাবলগীয়া হৈছে। আৰু তেনে সময়তে ভেকচিন লাভৰ আশাত লখিমপুৰৰ ভেকচিনেশ্যন চেণ্টাৰৰ সমুখত এনেদৰে নৈশ যাপন কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ইফালে এই ঘটনাই জিলাখনত কিছু পৰিমাণে আতংকৰ সৃষ্টি কৰিছে। কাৰণ সেই লোকসকলৰ মাজত নাই কোনো ধৰণৰ সামাজিক ব্যৱধান। আনহাতে একাংশই মাস্কো পৰিধান কৰা নাই। গতিকে ভেকচিন প্ৰদানৰ বাবে ৰাইজৰ সুবিধা হোৱাকৈ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মত ব্যক্ত জিলাখনৰ সচেতন মহলে।
Published by:Himangshu Bhuyan
First published: