ছচিয়েল মিডিয়াত ভাইৰেল জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত!

News18 Assam | News18-Assam
Updated:February 2, 2020, 12:39 PM IST
ছচিয়েল মিডিয়াত ভাইৰেল জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ প্ৰশ্নকাকত!
শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে জলসিঞ্চন বিভাগৰ ৬৪৪টা পদৰ বাবে লিখিত পৰীক্ষা।

শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে জলসিঞ্চন বিভাগৰ ৬৪৪টা পদৰ বাবে লিখিত পৰীক্ষা।

  • Share this:
জলসিঞ্চন বিভাগৰ পৰীক্ষাত ব্যাপক বিসংগতিৰ অভিযোগ। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে পৰীক্ষাৰ প্ৰশ্নকাকত। এই কাণ্ডক লৈ এতিয়া বিমোৰত পৰিছে একাংশ পৰীক্ষাৰ্থী। প্ৰশ্নকাকত ভাইৰেল হোৱা ঘটনাক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে শনিবাৰৰ পৰা অনুষ্ঠিত হৈছে জলসিঞ্চন বিভাগৰ ৬৪৪টা পদৰ বাবে লিখিত পৰীক্ষা।

উল্লেখযোগ্য যে ব্লেকলিষ্টেড প্ৰতিষ্ঠানক পৰীক্ষা পৰিচালনাৰ দায়িত্ব দিয়া হৈছে বুলি কিছুদিন পূৰ্বে অভিযোগ উত্থাপন কৰিছিল অসম সংগ্ৰামী মঞ্চই। এপটেক লিমিটেড নামৰ ব্লেকলিষ্টেড প্ৰতিষ্ঠানটোক দিয়া হৈছে পৰীক্ষা পৰিচালনাৰ দায়িত্ব।

নিযুক্তিৰ ক্ষেত্ৰত বিভাগটোৱে ব্যাপক দুৰ্নীতিত লিপ্ত হোৱা বুলিও অভিযোগ কৰিছিল সংগঠনটোৱে। খালী হোৱা পদসমূহ বজাৰৰ পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল অসম সংগ্ৰামী মঞ্চই।
আৰু চাওক
পৰৱৰ্তী বাতৰি