• Home
  • »
  • News
  • »
  • assam
  • »
  • বিহাৰৰ নিৰ্বাচনে আঞ্চলিক দলৰ ভৱিষ্যতলৈ আনিছে অশনি সংকেত!

বিহাৰৰ নিৰ্বাচনে আঞ্চলিক দলৰ ভৱিষ্যতলৈ আনিছে অশনি সংকেত!

অগপৰ দৰে দেশৰ প্ৰায় ১৫ৰ পৰা ২০টা আঞ্চলিক দল এতিয়া অস্তিত্বৰ সংকটত৷

অগপৰ দৰে দেশৰ প্ৰায় ১৫ৰ পৰা ২০টা আঞ্চলিক দল এতিয়া অস্তিত্বৰ সংকটত৷

অগপৰ দৰে দেশৰ প্ৰায় ১৫ৰ পৰা ২০টা আঞ্চলিক দল এতিয়া অস্তিত্বৰ সংকটত৷

  • Share this:
বিহাৰৰ নিৰ্বাচনী ফলাফলে পুনৰ প্ৰাসংগিক কৰি তুলিছে বিজেপিৰে মিত্ৰতা কৰা আঞ্চলিক দলৰ ৰাজনৈতিক ভৱিষ্যতৰ কথা৷ যি জেডিইউ সিদিনালৈকে বিগ ব্ৰাডাৰ আছিল বিহাৰত, সেই জেডিইউৰ বিগ ব্ৰাডাৰ এতিয়া বিজেপি৷ অসমতো একেই৷ নিঃশেষ হ'ব নেকি অগপ, বিপিএফ!

অগপ, বিপিএফৰ ৰাজনৈতিক ভৱিষ্যতক লৈ এই প্ৰশ্নটো পুনৰ প্ৰাসংগিক কৰি তুলিছে বিহাৰৰ নিৰ্বাচনী ফলাফলে৷ ২০০১ চনত প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতা কৰাৰ সময়ত অসমত অস্তিত্ব নাছিল বিজেপিৰ৷ আৰু বৰ্তমান বিজেপি অবিহনে গতি নাই আঞ্চলিক দল অসম গণ পৰিষদৰ৷ বিজেপিৰ সবল নেটৱৰ্ক ৰাজনৈতিক কৌশলত ভৰি দিয়া অগপৰ এসময়ৰ বাঘা বাঘা নেতাৰে ভৰি পৰিল বিজেপি৷ মুখ্যমন্ত্ৰীৰ পৰা বিধানসভাৰ অধ্যক্ষলৈকে সকলো এসময়ৰ অগপৰ শীৰ্ষ নেতা৷

অগপৰ দৰে দেশৰ প্ৰায় ১৫ৰ পৰা ২০টা আঞ্চলিক দল এতিয়া অস্তিত্বৰ সংকটত৷ জম্মু কাশ্মীৰ, লাডাখতো অস্তিত্বহীন বিজেপি এতিয়া ডাঙৰ ফেক্টৰ৷ ১৯৯৯ত ২৯জন সাংসদ থকা কিং মেকাৰ তেলেগু দেশম পাৰ্টী অস্তিত্বৰ সংকটত, হাৰিয়ানাত INLD অস্তিত্বৰ সংকটত, অস্তিত্বৰ সংকটত ঝাৰখণ্ড মুক্তি মৰ্চাও, বিজেপিৰ গ্ৰাসত ছিক্কিম ডেম'ক্ৰেটিক ফ্ৰণ্ট, বিজেপিৰ গ্ৰাসত NPF৷

"বিজেপিয়ে প্ৰথম মিত্ৰতা কৰে৷ মিত্ৰতা কৰি ৰাজ্য এখনত খোপনি পোতে বিজেপিয়ে৷ নেটৱৰ্কটো বনাই লয় আৰ এছ এছৰ জৰিয়তে৷ অসমত ২০০১ত প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰে মিত্ৰতা কৰোতে অসমত স্থিতি নাছিল বিজেপিৰ৷ সেই বিজেপিৰ অবিহনে অস্তিত্ব নাই অগপ দলটোৰ৷ বিজেপিয়ে বৰালী মাছৰ দৰে সৰু সৰু আঞ্চলিক দলবোৰক গ্ৰাস কৰি পেলাই৷ এয়া বহু ৰাজ্যতে প্ৰতিফলিত হৈছে৷ বিহাৰত দেখিলেনে, জেডিইউৰ বিগ ব্ৰাডাৰ এতিয়া বিজেপি ৷" – ক’লে মামুন ইমদাদুল হক চৌধুৰীয়ে।

অগপ, বিপিএফকো বিজেপিয়ে সম্পূৰ্ণৰূপে গ্ৰাস কৰিছে! বিপিএফৰ শীৰ্ষ নেতা সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ইমানুৱেল মুছাহাৰীৰ বিজেপি গমন তথা বিটিআৰত বিজেপিৰ ৰণডংকাই বিপিএফৰ ৰাজনৈতিক ভৱিষ্যতলৈও আনিছে প্ৰশ্নবোধক৷
Published by:Sanjay Kumar Das
First published: