মুখ্যমন্ত্ৰী সোণোৱালৰ জীৱনলৈ উচ্চস্তৰৰ ভাবুকি! Z+ নিৰাপত্তাৰ মাজত থাকিও শংকিত নেকি সৰ্বানন্দ সোণোৱাল?

এই প্ৰশ্নটো প্ৰাসংগিক কৰি তুলিছে সোমবাৰে গৃহ বিভাগৰ ফালৰ পৰা বিধানসভাত দিয়া এটা উত্তৰে৷
এই প্ৰশ্নটো প্ৰাসংগিক কৰি তুলিছে সোমবাৰে গৃহ বিভাগৰ ফালৰ পৰা বিধানসভাত দিয়া এটা উত্তৰে৷
- News18 Assam
- Last Updated: March 3, 2020, 10:37 AM IST
বিধায়কগৰাকীয়ে জানিব বিচাৰিছিল কাৰ্যভাৰ গ্ৰহণ কৰাৰ পৰা মুখ্যমন্ত্ৰী সোণোৱালৰ নিৰাপত্তাৰ নামত কিমান ব্যয় কৰা হ'ল ৰাজকোষৰ পৰা৷ বিতং তথ্য বিচাৰিছিল বিধায়ক শিকদাৰে৷ বিধায়কজনৰ এই লিখিত প্ৰশ্নৰ উত্তৰ দিছিল গৃহ বিভাগৰ হৈ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে৷
উত্তৰত স্পষ্ট ভাৱে কোৱা হৈছে, "অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ নামত দৈনিক হোৱা খৰচ নিৰাপত্তা জনিত কাৰণত জনাবলৈ অপাৰগ৷ যিহেতু অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ জীৱনৰ প্ৰতি থকা ভাবুকি যথেষ্ট উচ্চস্তৰৰ (HIGH THREAT PERCEPTION) আৰু তেওঁ Z+ নিৰাপত্তা বেষ্টনীত থকা এজন ব্যক্তি, সেয়েহে নিৰাপত্তা জনিত কাৰণত তেওঁৰ নিৰাপত্তাৰ নামত হোৱা খৰচৰ বিতং তথ্য ফাদিল কৰিব পৰা নাযায়৷ তেওঁৰ নিৰাপত্তাত যাতে কোনো সুৰুঙা থাকি নাযায় লগতে জীৱনৰ প্ৰতি আহিব পৰা ভাবুকি যাতে প্ৰতিহত কৰিব পৰা যায়, তাৰ বাবে সম্পুৰ্ণ গোপনীয়তা বজাই ৰখা হয় ৷"