হস্তীৰ কন্যাৰ নৃত্যৰে জীপাল হ’ল নগাঁৱৰ ‘এই ধুনীয়া গধুলি লগন’

ueen of Elephant খ্যাত পাৰ্বতী বৰুৱাক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰিল খগেন মহন্ত প্ৰেক্ষাগৃহত উপস্থিত থকা অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

News18-Assam
Updated:November 10, 2019, 9:31 PM IST
হস্তীৰ কন্যাৰ নৃত্যৰে জীপাল হ’ল নগাঁৱৰ ‘এই ধুনীয়া গধুলি লগন’
ueen of Elephant খ্যাত পাৰ্বতী বৰুৱাক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰিল খগেন মহন্ত প্ৰেক্ষাগৃহত উপস্থিত থকা অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
News18-Assam
Updated: November 10, 2019, 9:31 PM IST
নীলোৎপল বৰা : হস্তীৰ কন্যা পাৰ্বতী বৰুৱাৰ নৃত্যৰে জীপাল হ'ল নগাঁও। ৮০ৰ দশকতে নগাঁৱত কেইগৰকীমান সংস্কৃতিৱান মহিলাৰ দ্বাৰা প্ৰতিষ্ঠা লাভ কৰা ‘সুৰ সমলয়’ নামৰ অনুষ্ঠানত আজি প্ৰাণ ঢালি নৃত্য প্ৰদৰ্শন কৰিলে হস্তীৰ কন্যাখ্যাত পাৰ্বতী বৰুৱাই। Queen of Elephant খ্যাত পাৰ্বতী বৰুৱাক বিশেষ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰিল খগেন মহন্ত প্ৰেক্ষাগৃহত উপস্থিত থকা অসমৰ সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।

উল্লেখযোগ্য যে অদম্য সাহস আৰু প্ৰতিভাৰ অধিকাৰী পাৰ্বতী বৰুৱাই হস্তী-মানুহৰ সংঘাত নিৰাময়ৰ ক্ষেত্ৰটো গ্ৰহণ কৰিছে বহু উল্লেখনীয় পদক্ষেপ। ৰাজ পৰিয়ালত জন্মগ্ৰহণ কৰা পাৰ্বতী বৰুৱাৰ জীৱনৰ ভিত্তিত ৰচিত হৈছে বহু গ্ৰন্থ। জীৱনৰ বিয়লি বেলাত নগাঁৱৰ ৰাইজৰ দ্বাৰা যঁচা সন্মান লাভ কৰি আনন্দিত হৈ পৰা পাৰ্বতী বৰুৱাই মঞ্চত ভাষণ প্ৰদান কৰাৰ পিচতেই কালজয়ী গায়িকা প্ৰতিমা পাণ্ডে বৰুৱাৰ গীতত নৃত্য প্ৰদৰ্শন কৰিলে।

গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটোত গৰিমা শইকীয়া গাৰ্গ, বিশিষ্ট সাংবাদিক ছায়ামণি ভূঁঞা, মাইনী মহন্ত, বিশিষ্ট লেখিকা মনালিছা শইকীয়া, আন্তৰ্জাতিক খ্যাতিসম্পন্ন ছবি পৰিচালক পাৰ্থজিৎ বৰুৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি