কোভিড-১৯ সংক্ৰমণ ৰোধৰ বাবে মৰাণৰ সমীপৰ ৩নং ঠেঙাল গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ৷ বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ বাবে স্থাপন কৰিছে ৰাজহুৱা কোৱাৰেণ্টাইন চেণ্টাৰ৷ হোম কোৱাৰেণ্টাইনৰ বাবে অহা লোকে ১৪ দিন কটাব লাগিব গাঁওবাসীয়ে নিৰ্দিষ্ট কৰি দিয়া কোৱাৰেণ্টাইন চেণ্টাৰত৷
স্বাস্থ্য বিভাগৰ ফালৰ পৰা নমুনা পৰীক্ষা কৰাৰ পিছতে নিগেটিভ ফলাফল লাভ কৰা সকলক তিনি-চাৰিদিনৰ পিছতে হোম কোৱাৰেণ্টাইনৰ বাবে স্বগৃহলৈ প্ৰেৰণ কৰা হৈছে যদিও আস্বস্ত হ'ব পৰা নাই বিভিন্ন অঞ্চলৰ লোক৷ এনে সময়তে, হোম কোৱাৰেণ্টাইনৰ সময়ছোৱাত বহিঃৰাজ্যৰ পৰা অহা লোকসকলে যাতে কোনো কাৰণতে পৰিয়ালৰ লোক অথবা গাঁওবাসীৰ সংস্পৰ্শলৈ আহিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৩নং ঠেঙাল গাঁৱৰ সংঘত স্থাপন কৰিছে ৰাজহুৱা কোৱাৰেণ্টাইন চেণ্টাৰ৷
ইতিমধ্যে এই চেণ্টাৰটোত প্ৰথমজন আবাসী হিচাপে ভৰ্তি হৈছে যাদৱ সন্দিকৈ নামৰ যুৱকজন৷ ত্ৰিপুৰাত কৰ্মৰত যাদৱ বাছযোগে অসমলৈ অহাৰ পিছতে যোৰহাটৰ কোৱাৰেণ্টাইন চেণ্টাৰত তিনিদিন কটায়৷ নমুনা পৰীক্ষাৰ ফলাফলত নিগেটিভ অহাৰ পিছত হোম কোৱাৰেণ্টাইনৰ বাবে যুৱকজনক ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়৷
যোৱা ২১ মে'ত নিজ গাঁওখনত উপস্থিত হোৱাৰে পৰা যুৱকজন আছে গাঁওবাসীয়ে নিৰ্দিষ্ট কৰি দিয়া কোৱাৰেণ্টাইন চেণ্টাৰত৷ চেণ্টাৰটোত গাঁওবাসীৰ তৰফৰ পৰা খাদ্য যোগান ধৰাৰ লগতে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে৷ কোৰোণা সংক্ৰমণ ৰোধৰ বাবে ঠেঙাল গাঁৱৰ ৰাইজৰ এই পদক্ষেপক আদৰণি জনাইছে সকলোৱে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|