
মঙলদৈৰ ১ নং বামুনপাৰা ২ নং কেন্দ্ৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত অঘটন।
মঙলদৈৰ ১ নং বামুনপাৰা ২ নং কেন্দ্ৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত অঘটন।
মঙলদৈৰ ১ নং বামুনপাৰা ২ নং কেন্দ্ৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত অঘটন। কোৱাৰেণ্টাইন চেণ্টাৰৰ প্ৰথম মহলাৰ পৰা তলত পৰিল এজন যুৱক। যুৱকজনৰ নাম আলিমুদ্দীন আলী বুলি জানিব পৰা গৈছে। ঘৰ দৰং জিলাৰ বেছিমাৰিত। ঘটনাৰ পিছতে আলিমুদ্দীনক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ককালত কিছু আঘাত পাইছে যুৱকজনে। কিন্তু চিকিত্সকে জানোৱা মতে, বৰ্তমান যুৱকজন সংকটমুক্ত।
প্ৰথম মহলালৈ পানীৰ বটল দলিয়াই দিয়াত ধৰিব খুজোতেই পিছলি পৰিল যুৱকজন।
ঘটনাস্থলীত উপস্থিত হয় দণ্ডাধীশ কমলজিৎ শৰ্মা আৰু আৰক্ষী। উল্লেখযোগ্য যে, কোৱাৰেণ্টাইন কেন্দ্ৰটোত আছে বহিঃৰাজ্যৰ পৰা অহা ৩৫ জন যুৱক।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|