মুখ্যপৃষ্ঠা »খবৰ »অসম »Python Rescued in Charaideo : চৰাইদেউ জিলাৰ সদৰ ‌সোণাৰি নগৰত অজগৰ উদ্ধাৰ

Python Rescued in Charaideo : চৰাইদেউ জিলাৰ সদৰ ‌সোণাৰি নগৰত অজগৰ উদ্ধাৰ

অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ লোকে নিয়ম অনুসৰি এৰি দিয়ে।

অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ লোকে নিয়ম অনুসৰি এৰি দিয়ে।

  • Share this:

চৰাইদেউ জিলাৰ সদৰ ‌সোণাৰি নগৰৰ তিনি নং ৱাৰ্ড নিবাসী বিধান দত্তৰ ঘৰত আজি এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰ কৰা হয়। দত্তৰ ঘৰৰ গড়ালত দীৰ্ঘদিন ধৰি অৱস্থান কৰি থকা প্ৰায় পাঁচ ফুট দীঘল অজগৰডালক আজি বিধান দত্তৰ পৰিয়ালৰ লোকে প্রত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।


পিছত সোণাৰি আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হৈ উদ্ধাৰ কৰা অজগৰটো পৰৱৰ্তী সময়ত সোণাৰি নগৰৰ কাষৰীয়া অভয়পুৰ সংৰক্ষিত বনাঞ্চলত বন বিভাগৰ লোকে নিয়ম অনুসৰি এৰি দিয়ে।

শেহতীয়া বাতৰি