• Home
  • »
  • News
  • »
  • assam
  • »
  • Python Rescued: লংকাত ৰাইজে উদ্ধাৰ কৰিলে প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ অজগৰ সাপ। বন বিভাগক খবৰ দিয়াৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ।

Python Rescued: লংকাত ৰাইজে উদ্ধাৰ কৰিলে প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ অজগৰ সাপ। বন বিভাগক খবৰ দিয়াৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ।

১৫ ফুট দৈৰ্ঘ্যৰ অজগৰডাল এজন লোকৰ বাৰীৰ হাবি পৰিষ্কাৰ কৰি থকা অৱস্থাত দেখা পায়।

১৫ ফুট দৈৰ্ঘ্যৰ অজগৰডাল এজন লোকৰ বাৰীৰ হাবি পৰিষ্কাৰ কৰি থকা অৱস্থাত দেখা পায়।

১৫ ফুট দৈৰ্ঘ্যৰ অজগৰডাল এজন লোকৰ বাৰীৰ হাবি পৰিষ্কাৰ কৰি থকা অৱস্থাত দেখা পায়।

  • Share this:
হোজাই জিলাৰ লংকাৰ লংকাপটি তিনি নং ৱাৰ্ডত  আজি পুৱা এডাল প্ৰকাণ্ড অজগৰ সাপ উদ্ধাৰক লৈ সৃষ্টি হয় আতংকৰ । বুলু দাস নামৰ লোকজনে বাৰীৰ হাবি পৰিষ্কাৰ কৰি থকা অৱস্থাত প্ৰায় ১৫ ফুট দৈৰ্ঘ্যৰ অজগৰ এডাল দেখা পায়। লগে লগে ওচৰ-চুবুৰীয়াক কথাটো জনোৱাত সকলোৱে অজগৰ ডাল প্ৰত্যক্ষ কৰি বন বিভাগক অৱগত কৰে ।

কিন্তু ৰাইজে বাৰম্বাৰ বন বিভাগক খবৰ দিয়াৰ পিছতো এজনো বনকৰ্মী উপস্থিত নহ'ল। উপায়হীন হৈ ৰাইজে নিজেই অজগৰ ডাল উদ্ধাৰ কৰি বন বিভাগক গতাই দিয়ে।ইফালে অজগৰ ওলোৱাৰ খবৰ পাই মুহূৰ্ততে বৃহৎ সংখ্যক লোকৰ সমাগম হয় অজগৰটো চাবলৈ।
Published by:Manjumoni Borah
First published: