দোকানখনৰ ভিতৰত দেৱালত ওলোমাই থোৱা পেইণ্টিং এখনৰ ওপৰত অজগৰডাল দীঘলকৈ পৰি আছিল।
দোকানখনৰ ভিতৰত দেৱালত ওলোমাই থোৱা পেইণ্টিং এখনৰ ওপৰত অজগৰডাল দীঘলকৈ পৰি আছিল।
এডাল প্ৰকাণ্ড অজগৰ (Python) উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে বঙাইগাঁৱ (Bongaigaon)ত। অসমৰ অ'ত-ত'ত নিতৌ এনেদৰে অজগৰ উদ্ধাৰ হয় যদিও বঙাইগাঁৱত এখন হোটেলৰ ভিতৰত অজগৰ উদ্ধাৰ হোৱাত আতংকই বিৰাজ কৰে অঞ্চলটোত।
বঙাইগাঁও চহৰৰ মাজমজিয়াত থকা চাহৰ দোকান এখনত প্ৰায় ১০ ফুট দৈৰ্ঘ্যৰ অজগৰ এডাল উদ্ধাৰ হয় মঙলবাৰে ৷ ৰাম ভৰসা নামৰ হোটেলখন খোলাৰ কিছু সময় পিছতে গৰাকীয়ে প্ৰকাণ্ড অজগৰডাল দেখা পায় ৷
হোটেলখনৰ ভিতৰত দেৱালত ওলোমাই থোৱা পেইণ্টিং এখনৰ ওপৰত অজগৰডাল দীঘলকৈ পৰি আছিল। অজগৰডাল দেখাৰ পিছতে দোকানখনৰ মালিক আৰু গ্ৰাহকসকলৰ মাজত হুৱাদুৱা লাগে ৷ লগে লগে অজগৰডাল চাবলৈও বাহিৰত বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷
পিছত কাৰ্তিক উৰাও নামৰ প্ৰকৃতিপ্ৰেমী যুৱক এজনে দোকানখনত উপস্থিত হৈ দোকানৰ ভিতৰৰ পৰা বহু চেষ্টাৰ অন্তত অজগৰডাল উদ্ধাৰ কৰে৷ ইতিমধ্যে যুৱকজনে অজগৰডাল বন বিভাগৰ হাতত চমজাই দিয়ে ৷ চহৰখনৰ মাজত হঠাতে প্ৰকাণ্ড অজগৰডাল ক’ৰ পৰা ওলাল তাক লৈ ৰাইজৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|