• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৱাহাটী মহানগৰীৰ মাজমজিয়াত উদ্ধাৰ প্ৰকাণ্ড অজগৰ, চৌদিশে আতংক

গুৱাহাটী মহানগৰীৰ মাজমজিয়াত উদ্ধাৰ প্ৰকাণ্ড অজগৰ, চৌদিশে আতংক

 প্ৰায় ১ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত বনকৰ্মীৰ দলটোৱে অতি তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰটোক।

প্ৰায় ১ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত বনকৰ্মীৰ দলটোৱে অতি তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰটোক।

প্ৰায় ১ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত বনকৰ্মীৰ দলটোৱে অতি তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰটোক।

  • Share this:
শনিবাৰে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। পুৱা মালিগাঁৱৰ বৰিপাৰা অঞ্চলত এডাল অজগৰ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি উত্তেজনাময় পৰিৱেশে বিৰাজ কৰে। বৰিপাৰাস্থিত কেম্ব্ৰিজ পাব্লিক স্কুলৰ এজোপা গছত অজগৰ সাপ ওলমি থকা প্ৰত্যক্ষ কৰে একাংশ স্থানীয় লোকে। লগে লগে খনামুখস্থিত বন বিভাগৰ কাৰ্য্যালয়ত খবৰ দিয়ে। খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলীত উপস্থিত হয় বন বিভাগৰ এটা দুজনীয়া বনকৰ্মীৰ দল। প্ৰায় ১ ঘণ্টাজোৰা প্ৰচেষ্টাৰ অন্তত বনকৰ্মীৰ দলটোৱে অতি তৎপৰতাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয় অজগৰটোক।

এই উদ্ধাৰ অভিযানৰ পাছতেই বনকৰ্মীৰ দলটোৱে অজগৰ সাপটোক খনামুখস্থিত বন বিভাগৰ কাৰ্য্যালয়লৈ লৈ যায়। পৰৱৰ্তী সময়ত বন বিভাগে সেই অজগৰ সাপডালক বনাঞ্চলত এৰি দিয়ে।

উল্লেখ্য যে, পুৱাই মালিগাঁৱৰ মাজমজিয়াত এনেদৰে এডাল প্ৰকাণ্ড অজগৰক প্ৰত্যক্ষ কৰি শংকিত হৈ পৰিছিল অঞ্চলটোৰ লোকসকল। সাপডালক কেন্দ্ৰ কৰি অঞ্চলটোত একপ্ৰকাৰ হুৱাদুৱা লাগিছিল। অৱশেষত, বন বিভাগৰ দল উপস্থিত হৈ সাপডাল উদ্ধাৰ কৰাৰ পাছতহে অঞ্চলবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে।
Published by:Himangshu Bhuyan
First published: