পেডেল মাৰি মাৰি বাট–পথৰ বুজ ল’ব হিমন্ত বিশ্ব শৰ্মাই

টকা–পইচাৰে অভাৱ নাই, এতিয়া কেৱল ৰাস্তা বনাব লাগে বুলিও মন্তব্য গড়কাপ্টানী মন্ত্ৰীগৰাকীৰ।

news18assam
Updated:June 9, 2019, 5:41 PM IST
পেডেল মাৰি মাৰি বাট–পথৰ বুজ ল’ব হিমন্ত বিশ্ব শৰ্মাই
টকা–পইচাৰে অভাৱ নাই, এতিয়া কেৱল ৰাস্তা বনাব লাগে বুলিও মন্তব্য গড়কাপ্টানী মন্ত্ৰীগৰাকীৰ।
news18assam
Updated: June 9, 2019, 5:41 PM IST
গৰম কমিলেই চাইকেল চলাই বাট–পথৰ অৱস্থাৰ বুজ ল’ব গড়কাপ্টানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পুৱা ৮ বজাৰ পৰা আবেলি ৬ বজালৈ চাইকেল চলাব মন্ত্ৰীগৰাকীয়ে। এই কথা জনালে খোদ মন্ত্ৰীগৰাকীয়ে। পথৰ বুজ ল’বৰ বাবে যিকোনো ঠাইতে চাইকেল চলাবলৈ সাজু হৈছে মন্ত্ৰীগৰাকী। অসমৰ দুই–এখন জিলাৰ পৰা সঘনে পথ বেয়া বুলি অভিযোগ আহিছে বুলিও মন্তব্য কৰে শৰ্মাই।

গড়কাপ্টানী বিভাগৰ অভিযন্তালৈ চৰকাৰী বাহন প্ৰদানৰ কথা উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কয় – গাড়ী পোৱাৰ পিছতো যদি কিবা কাম নহয়, তেতিয়া সহজভাৱে লোৱা নহ’ব। সকলো পথ ভালকৈ পৰীক্ষা কৰি মেৰামতি কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। ইতিমধ্যে পৰ্যাপ্ত কনিষ্ঠ অভিযন্তা নিযুক্তি দিয়া হৈছে। ৰাতি তিনি–চাৰি বজালৈ চিলিঙৰ কাম কৰিছে। প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ব ইলেকট্ৰিক মেজৰমেণ্ট বুক। ঠিকা কাম নিৰ্দিষ্ট ভাগত ভাগ কৰি দিয়া হ’ব। এটা কামৰ তিনিবাৰ বাৰ বিল পঠিয়াব পাৰিব ভাগ ভাগ কৰি। এই ভাগসমূহ চৰকাৰে কৰি দিব। ৬ মাহৰ ভিতৰত মুকলি কৰিব এই সেৱা।

শিৱসাগৰ, নলবাৰী, মঙলদৈত পথৰ খুব বেয়া অৱস্থা বুলি স্বীকাৰ মন্ত্ৰীজনৰ। নিৰ্বাচনৰ

সময়ত পদযাত্ৰা কৰাৰ সময়ত ধৰি পৰিছে পথৰ শোচনীয় অৱস্থা। টকা–পইচাৰে অভাৱ নাই, এতিয়া কেৱল ৰাস্তা বনাব লাগে বুলিও মন্তব্য গড়কাপ্টানী মন্ত্ৰীগৰাকীৰ। শেহতীয়া এবছৰত গড়কাপ্টানী বিভাগে ৪ হাজাৰ ২শ পথ নিৰ্মাণ কৰিছে বুলিও উল্লেখ কৰে শৰ্মাই। পথ নিৰ্মাণৰ লগে লগে সেই পথত বৃক্ষৰোপণ কৰাৰ দায়িত্ব গড়কাপ্টানী বিভাগে ল’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি