உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Viral Audio Clip Case: ভাইৰেল অডিঅ' ক্লিপক লৈ শীৰ্ষ আৰক্ষী বিষয়াক কি ক'লে অ'চি পুষ্পকমল বৰাই

    Viral Audio Clip Case: ভাইৰেল অডিঅ' ক্লিপক লৈ শীৰ্ষ আৰক্ষী বিষয়াক কি ক'লে অ'চি পুষ্পকমল বৰাই

    সকলো বিতৰ্কৰ কথা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক জনালে নাৰায়ণপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্পকমল বৰাই।

    সকলো বিতৰ্কৰ কথা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক জনালে নাৰায়ণপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্পকমল বৰাই।

    সকলো বিতৰ্কৰ কথা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক জনালে নাৰায়ণপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্পকমল বৰাই।

    • Share this:

    যোৱা শনিবাৰে নিশাৰ পৰা ছ'চিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হোৱা বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই (MLA Amiya kumar Bhuyan) আৰক্ষীক ধমক দিয়া অডিঅ' ক্লিপক লৈ ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। আজি এই সম্পৰ্কে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানে তলব কৰাত  বিধায়ক অমিয় ভূঞাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ সকলো বিতৰ্কৰ কথা বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানক জনালে নাৰায়ণপুৰৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পুষ্পকমল বৰাই।


    এই সন্দৰ্ভত তেওঁ কয়-  ''বিভাগীয় কথ‍া বিভাগীয়ভাৱে আলোচনা হৈছে, সেইবোৰ মই সংবাদ মাধ্যমৰ আগত জনাব নোৱাৰিম। মই মোৰ প্ৰতিটো কথা শীৰ্ষ আৰক্ষী বিষয়াক জনাইছোঁ। আইনৰ মতে মই কাম কৰিছোঁ। এতিয়াও নিজৰ স্থিতিত অটল আছোঁ মই। মুখ্যমন্ত্ৰীয়ে যি পৰামৰ্শ দিছে সেই পৰামৰ্শ অনুসৰিয়ে এগৰাকী অসম আৰক্ষীৰ সেৱক হিচাপে মই অনাগত দিনত কাম কৰি যাম। মোৰ সৈতে আলোচনা কৰি শীৰ্ষ আৰক্ষী বিষয়াই মোক মোৰ কাম কৰি যাব দিছে। মোৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা লোৱাৰ কথা কোৱা নাই। মই নিজৰ স্থিতিত অটল আছোঁ। মই মোৰ কাম কৰি যাম (Viral Audio)।


    উল্লেখ্য,  ভাইৰেল হোৱা বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আৰক্ষীক (Assam Police) ধমক দিয়া  অডিঅ' ক্লিপটোৰ মতে বিধায়ক ভূঞাই নাৰায়ণপুৰ থানাৰ অ'চি পুষ্পকমল বৰাক কৈছিল-   'বিহপুৰীয়াত পুলিচগিৰী নচলাব। আপোনাৰ কাৰণে মোৰ কি মান-সন্মান নাথাকিব নেকি? মই এতিয়ালৈকে চিএমক কোৱা নাই। আপুনি পুলিচগিৰী নকৰিব। আপুনি পুলিচ-পাব্লিক চলাওক। মোৰ ৬০ হাজাৰ ভোটাৰে পিটিকা বনাই দিব আপোনাক।'

    Published by:Gautam Barman
    First published: