আজিৰে পৰা আৰম্ভ ব্ৰহ্মপুত্ৰ পুষ্কৰম মহোৎসৱ, ৭৫ লাখ টকা বাজেটৰ মহোত্‍সৱৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

দাক্ষিণাত্যৰ পুৰোহিতে কৰা হোম–যজ্ঞত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দাক্ষিণাত্যৰ তাৰকাই।

News18-Assam
Updated:November 5, 2019, 12:55 PM IST
আজিৰে পৰা আৰম্ভ ব্ৰহ্মপুত্ৰ পুষ্কৰম মহোৎসৱ, ৭৫ লাখ টকা বাজেটৰ মহোত্‍সৱৰ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে
দাক্ষিণাত্যৰ পুৰোহিতে কৰা হোম–যজ্ঞত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় মন্ত্ৰী, কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু দাক্ষিণাত্যৰ তাৰকাই।
News18-Assam
Updated: November 5, 2019, 12:55 PM IST
আজিৰে পৰা গুৱাহাটীত ব্ৰহ্মপুত্ৰ পুষ্কৰম মহোৎসৱ। হোম যজ্ঞৰে মহাবাহুৰ পাৰত সৃষ্টি হৈছে এক আধ্যাত্মিক পৰিৱেশৰ। পুষ্কৰম মহোৎসৱ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পুষ্কৰম মহোৎসৱত পূজাত বহিল মুখ্যমন্ত্ৰী সোণোৱাল।

৭৫ লাখ টকাৰ বাজেটেৰে আয়োজন কৰা হৈছে এই ব্ৰহ্মপুত্ৰ নদীৰ পূজা। এই ব্ৰহ্মপুত্ৰৰ পূজাক লৈ অন্ধ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, দাক্ষিনাট্যৰ ছবি জগতৰ কেইবাজনো তাৰকাই ভিৰ কৰিব মহানগৰীত। এই উৎসৱলৈ দক্ষিণ ভাৰতৰ লগতে সমগ্ৰ দেশৰ ২ লক্ষাধিক ভক্তৰ আগমণ ঘটাৰ আশা কৰিছে উদ্যোগতাসকলে।

উপনিষদত উল্লেখ থকা অনুসৰি, গুৰু বৃহস্পতিয়ে প্ৰতিবছৰে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ স্থান পৰিৱৰ্তন কৰে। স্থান পৰিৱৰ্তন কৰিয়েই নিজ ৰাশিৰে জড়িত নদীখনত গুৰু বৃহস্পতিয়ে স্নান কৰে। সেই অনুসৰি এইবাৰ বৃহস্পতি ধনু ৰাশিত উপবিষ্ট হৈছে। ব্ৰহ্মপুত্ৰৰ ৰাশি ধনু হোৱাত এই সময় চোৱাত ব্ৰহ্মপুত্ৰত স্নান কৰাটো অতি শুভৰূপে বিবেচিত হৈছে।

সেইবাবেই মহালক্ষ্মী চেৰিটেবল ট্ৰাষ্ট, চেন্নাই আৰু তিৰুপতি শ্ৰী বালাজী সেৱা সমিতি, গুৱাহাটীৰ সহযোগত অনুষ্ঠিত হৈছে আজিৰে পৰা ১২ দিনীয়াকৈ এই ব্ৰহ্মপুত্ৰ পুষ্কৰম মহোৎসৱৰ।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি