৫ মাৰ্চৰ পুৱা ৯ বজাত ভাড়া মাৰিবলৈ যোৱা নৱজ্যোতিয়ে দুপৰীয়া ১১ মান বজাত পত্নীলৈ ফোন কৰি সুন্দৰভাৱেই কথা পাতিছিল৷
৫ মাৰ্চৰ পুৱা ৯ বজাত ভাড়া মাৰিবলৈ যোৱা নৱজ্যোতিয়ে দুপৰীয়া ১১ মান বজাত পত্নীলৈ ফোন কৰি সুন্দৰভাৱেই কথা পাতিছিল৷
কিছুদিনৰ আগতে নগাঁৱৰ বামুণীৰ পৰা সন্ধানহীন হোৱা নৰ্থ ইষ্ট স্মল ফাইনেন্স নামৰ এটা প্ৰতিষ্ঠানত কৰ্মৰত কৃষ্ণ বৈশ্য নামৰ যুৱকজনক দুৰ্বৃত্তই ডিঙি কাটি হত্যা কৰাৰ পিছত পুনৰ পুৰণিগুদাম গড়মূৰৰ বৈৰাগী চুকৰ এজন স্বৰ্নিভৰশীল ব্যক্তিক হত্যা কৰিলে কোনো অচিনাক্ত দুৰ্বৃত্তই। ৫ মাৰ্চৰ পুৱা ৯ বজাত একমাত্ৰ জীয়ৰী আৰু পত্নীক ঘৰত থৈ নিজৰ এ এছ ০২পি ৩৬০২ নম্বৰৰ ছুইফট ডিজায়াৰ গাড়ীখন লৈ ভাড়া মাৰিবলৈ বুলি যোৰহাটলৈ যোৱা নৱজ্যোতি গায়ন নামৰ ব্যক্তিজন ঘৰলৈ আৰু উভতি আহিবলৈ নাপালে ৷
দুৰ্বৃত্তই হত্যা কৰি কাৰ্বি আংলঙৰ বোকাজানত টুকুৰা টুকুৰকৈ কাটি এটা বস্তাত ভৰাই ৰে’ল লাইনৰ দাঁতিত পেলাই থোৱা অৱস্থাত নৱজ্যোতি গায়নৰ মৃতদেহ উদ্ধাৰ হয়। পৰিয়ালৰ অভিযোগ অনুসৰি, বিগত কেইদিনমান পূৰ্বৰে পৰা বৃহত্তৰ চলচলি অঞ্চলৰ জনৈক ৰাজ নামৰ এজন যুৱকে ছুইফ্ট ডিজায়াৰখন ভাড়ালৈ বিচাৰি নৱজ্যোতিৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছিল বুলি তেওঁৰ পত্নীৰ লগতে পৰিয়ালৰ লোকে জানিবলৈ দিয়ে যদিও উক্ত লোকজনক কোনেও চিনি নাপায়৷
৫ মাৰ্চৰ পুৱা ৯ বজাত ভাড়া মাৰিবলৈ যোৱা নৱজ্যোতিয়ে দুপৰীয়া ১১ মান বজাত পত্নীলৈ ফোন কৰি সুন্দৰভাৱেই কথা পাতিছিল৷ কিন্তু বিয়লি ৫ মান বজাত নৱজ্যোতিৰ ফোনৰ পৰা কোনো অচিনাক্ত লোকে এটিএম কাৰ্ডৰ পাছৱৰ্ড বিচাৰি ফোন কৰাত পত্নীৰ সন্দেহ উপজে৷ স্বামীৰ সৈতে কথা পাতিবলৈ উদগ্ৰীৱহৈ পৰে পত্নী৷ বিপৰীত ফালৰ পৰা অচিনাকি লোকজনে নৱজ্যোতি অসুস্থ হৈ থকাৰ কাৰণে নিজে গাড়ী চলাব লগা হোৱা বুলি কৈ পিছত এটিএম কাৰ্ডৰ পাছৱৰ্ড বিচাৰি ফোন কৰিবলৈ দিয়ে৷ সেয়াই আছিল পত্নীৰ সৈতে নৱজ্যোতিৰ শেষ ভাষ্য আৰু তাৰ পিছতেই ম'বাইলৰ যোগাযোগ বিচ্ছিন্ন হোৱাৰ লগতে চুইছঅফ হয় ম'বাইল।
পৰিয়ালৰ লোকে লগে লগেই যোৰহাট আৰক্ষীক জনায়৷ তেতিয়াৰে পৰা লোকজনক বিচাৰি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি আজি বোকাজানৰ ঘৰিয়ালডুবিত মৃতদেহ উদ্ধাৰ কৰা হয়৷ তাৰ পিছতেই পৰিয়ালৰ লোকে আৰক্ষীৰ সহযোগত লোকজনৰ মৃতদেহ নিশা ঘৰলৈ লৈ অহাৰ পিছতেই শোকত ভাগি পৰে পৰিয়ালৰ লোকৰ লগতে সমগ্ৰ অঞ্চলটো। আৰক্ষীৰ উচিত তদন্তৰ পিছতহে ঘটনাৰ মূল ৰহস্য পোহৰলৈ আহিব।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|