নগাঁও জিলাৰ চামগুৰিত পুনৰ চৰ্চিত হৈছে চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী প্ৰাক্তন অধ্যক্ষই সংঘটিত কৰি যোৱা বৃহৎ বিত্তীয় খেলিমেলিৰ প্ৰসঙ্গ। বিদ্যালয়খনৰ প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাই নিজৰ কাৰ্যকালত ৪,৬৪,৪২৮ টকা অপপ্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয় পৰিচালনা কমিতিৰ লগতে বৰ্তমানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ গৰাকীয়ে।
প্ৰাক্তন অধ্যক্ষ গোলাপ চন্দ্ৰ বৰাৰ কাৰ্যকালত বিভিন্ন শিতানত লেনদেন হোৱা পুঁজিৰ সন্দৰ্ভত চৰকাৰী হিচাপ পৰীক্ষকে দাখিল কৰা প্ৰতিবেদনৰ পিছতেই পোহৰলৈ আহে বৰাৰ এই সমগ্ৰ কুকাণ্ডৰ কথা। ইমানৰ পিছতো কিয় নিৰ্বিকাৰ হৈ থাকিল নগাঁও জিলা শিক্ষা বিভাগ, সেইয়া আজিও যেন সাঁথৰ হৈ থাকিল বহুতৰে বাবে!
অভিযুক্ত প্ৰাক্তন অধ্যক্ষ গৰাকীক একাধিকবাৰ বিষয়টো অৱগত কৰাৰ পিছতো আজি পৰ্য্যন্ত অনাদায় হৈয়ে ৰ'ল বিদ্যালয় খনক ঘূৰাই দিব লগীয়া বৃহৎ পৰিমাণৰ ধনৰাশি। বিদ্যালয়খনে পাব লগীয়া চাৰি লক্ষাধিক টকা গোলাপ চন্দ্ৰ বৰাই ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো উল্লেখিত ধনৰাশি ঘূৰাই নিদিয়াত উপায়ন্ত হৈ বৰ্তমানৰ অধ্যক্ষ প্ৰণৱ জ্যোতি গোস্বামীয়ে চামগুৰি আৰক্ষী থানাত ৪০৯ ধাৰাৰ অধীনত ১৭৮/২১ নম্বৰত ৰুজু কৰে এটা গোচৰ।
বিগত বছৰৰ মে' মাহতে ৰুজু হোৱা গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া সম্প্ৰতি স্থবিৰ হৈ পৰাত আশ্বৰ্য প্ৰকাশ কৰিছে বৰ্তমানৰ অধ্যক্ষ গৰাকীৰ লগতে বিদ্যালয় পৰিচালনা কমিতিয়ে। ইফালে এই সকলোবোৰ জানিও বিগত সময়ছোৱাত নগাঁও জিলাৰ তিনিজনকৈ উচ্চপদস্থ শিক্ষা বিষয়াই নাকি লগাব নোৱাৰা গোলাপ চন্দ্ৰ বৰাই যাতে কমসময়ৰ ভিতৰতে প্ৰাপ্য ধনৰাশি বিদ্যালয় খনক ঘূৰাই দিয়াৰ ব্যৱস্থা কৰে সেয়েহে বিদ্যালয় পৰিচালনা কমিতিয়ে সংশ্লিষ্ট শিক্ষা বিভাগক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী গৰাকীক আহ্বান জনায়। লগতে বিতৰ্কিত প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে বিদ্যালয় খনত সংঘটিত কৰা বৃহৎ বিত্তীয় অনিয়মৰ বিৰুদ্ধে যেন চামগুৰি আৰক্ষীয়ে তদন্তৰ প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ কৰি গোলাপ চন্দ্ৰ বৰাক উপযুক্ত শাস্তি বিহাৰ ব্যৱস্থা কৰাৰ বাবে বিদ্যালয় কতৃপক্ষই দাবী জনায়।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 03, 2022, 18:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।