মুখ্যপৃষ্ঠা »খবৰ »অসম »নিৰ্জীৱ পুতলাত প্ৰাণ দিয়া মানুহজনে ৮১ বছৰ বয়সতো লাভ নকৰিলে শিল্পী পেন্সন

নিৰ্জীৱ পুতলাত প্ৰাণ দিয়া মানুহজনে ৮১ বছৰ বয়সতো লাভ নকৰিলে শিল্পী পেন্সন

অসমৰ গ্ৰাম্য চহা জীৱনৰ লোকশিল্পীৰ সুনিপুণ কলাত প্ৰাণ পাই উঠা পুতলা নাচ। কাহ পৰি জীণ যোৱা পৰিৱেশত পুতলা নাচত বিভোৰ হৈ পৰে গাঁৱলীয়া চহা জীৱন। লোকচক্ষুৰ সন্মুখৰ পৰা ক্ৰমশঃ হেৰাই যাব ধৰা পুতলা নাচ শিল্পৰ লগত জড়িত এগৰাকী শিল্পীৰ জীৱনগাথা। এগৰাকী পুতলা নাচৰ  শিল্পীৰ জীৱনগাথা।

অসমৰ গ্ৰাম্য চহা জীৱনৰ লোকশিল্পীৰ সুনিপুণ কলাত প্ৰাণ পাই উঠা পুতলা নাচ। কাহ পৰি জীণ যোৱা পৰিৱেশত পুতলা নাচত বিভোৰ হৈ পৰে গাঁৱলীয়া চহা জীৱন। লোকচক্ষুৰ সন্মুখৰ পৰা ক্ৰমশঃ হেৰাই যাব ধৰা পুতলা নাচ শিল্পৰ লগত জড়িত এগৰাকী শিল্পীৰ জীৱনগাথা। এগৰাকী পুতলা নাচৰ  শিল্পীৰ জীৱনগাথা।

  • Share this:
শিল্প সাধনাৰ বাবেই জীৱনৰ সৰ্বস্ব ত্যাগ কৰি, আর্থিক দৈন্যই আনি দিয়া বঞ্চনা,জ্বালা-যন্ত্ৰণাক হাঁহিমুখে স্বীকাৰ কৰিও নিজ সাধনাৰে লোক সংস্কৃতিৰ পথাৰ চহকী কৰা এইগৰাকী শিল্পী হৈছে নলবাৰীৰ নিজ বাহজানী গাঁৱৰ গোবিন্দ তালুকদাৰ। এইগৰাকী  সহজ-সৰল গ্রাম্য শিল্পীয়ে জৰাজীর্ণ পজাতেই জীয়াই ৰাখিছে অসমৰ  লোক জীৱনত সজীৱ হৈ থকা লোকশিল্প পুতলা নাচ।

ল'ৰালি কালতেই পুতলা নাচ (Puppet Show)ৰ দলৰ সহযোগী হিচাপে শিল্পৰ পৃথিৱীত প্ৰথমটি খোজ দি পুতলা নাট প্ৰদৰ্শনৰ বিভিন্ন কৌশল, খোলবাদন, নেপথ্য সংলাপ ইত্যাদি পুতলা নাচৰ সকলো কাৰিকৰী দিশৰ জ্ঞান আহৰণ কৰি আজি চাৰিকুৰি বছৰ অতিক্ৰম কৰাৰ পিচতো জীয়াই ৰাখিছে পুতলা নাটৰ দলটিক। পুতলা নাট প্ৰদৰ্শনৰ বাবে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ গৈ দৰ্শক ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা শিল্পীগৰাকীৰ পৰিয়ালক তাহানিৰ পৰা আজিলৈকে আর্থিক দৈন্যই লগ নেৰিলেও অসমৰ লোক সংস্কৃতিৰ পথাৰখনত অৰিহণা যোগোৱাৰ নিৰলস ভাৱে প্ৰচেষ্টা বৰ্তমানেও অব্যাহত ৰাখিছে।

নাট প্ৰদৰ্শনৰ ধনেৰে  জোৰা টাপলি মাৰি পাঁচজনী ছোৱালী, দুটা ল'ৰা সন্তান আৰু পত্নীৰে ৯ জনীয়া পৰিয়ালটোৰ অভাৱ- অভিযোগ বোৰক নিচুকাবলৈ প্ৰয়াস কৰা এইগৰাকী শিল্পীয়ে জীৱনৰ ৮১ বছৰ বয়সতো আজিলৈ শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম নহ'ল।পাঁচবাৰ আবেদন কৰিও পোৱা নাই শিল্পী পেন্সন । উল্লেখযোগ্য যে বিভিন্ন সন্মানেৰে বিভূষিত এইগৰাকী শিল্পীৰ ওপৰত পৰা নাই চৰকাৰৰ সুদৃষ্টি।

বিভিন্ন সময়ত বিভিন্নজনে শিল্পী পেন্সনৰ আশ্বাস প্ৰদান কৰিলেও সেয়া মাথো প্ৰতিশ্ৰুতিৰ ফুলজাৰীতেই সীমাবদ্ধ থাকিল। আৰ্থিক কাৰণতেই বিভিন্ন পুতলা আধৰুৱাকৈ থাকিলেও সপোন নেহেৰুৱা শিল্পী গোবিন্দ তালুকদাৰৰ আশা- "এদিন নহয় এদিন তেওঁ আধৰুৱা পুতলা সমূহ সম্পূর্ণকৈ সজাই তুলিব; এদিন নহয় এদিন নতুন নতুন মানুহক প্রশিক্ষণ দি নাট প্ৰদৰ্শন কৰিব; আনহাতে এদিন নহয় এদিন তেওঁ শিল্পী পেঞ্চন লাভ কৰিব"।

ইফালে নলবাৰী সমষ্টিৰ অন্তৰ্গত "নিজ বাহজানী"ৰ এইগৰাকী শিল্পীৰ ওপৰত পৰিবনে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ দৃষ্টি। নে এইদৰেই জীৱনটো সকলোকে পুতলা নাচৰ জৰিয়তে আমোদ দিয়া শিল্পী গৰাকীয়ে পাৰ কৰিব লাগিব সময়।

শেহতীয়া বাতৰি