মুখ্যপৃষ্ঠা » খবৰ

» অসম

»অসমৰ মডেল অনুকৰণ পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ সিঙৰ, ল'লে এনে সিদ্ধান্ত

অসমৰ মডেল অনুকৰণ পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ সিঙৰ, ল'লে এনে সিদ্ধান্ত

News18 Assam | News18-Assam
Updated:September 25, 2021, 10:41 PM IST
অসমৰ মডেল অনুকৰণ পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চৰণজিৎ সিঙৰ, ল'লে এনে সিদ্ধান্ত
নতুনকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা চৰণজিৎ সিং চান্নীয়ে শনিবাৰে ঘোষণা কৰিলে দুটা ঘোষণা।

নতুনকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা চৰণজিৎ সিং চান্নীয়ে শনিবাৰে ঘোষণা কৰিলে দুটা ঘোষণা।

  • News18 Assam
  • Last Updated: September 25, 2021, 10:41 PM IST
  • Share this:

অসমৰ মডেলক অনুকৰণ কৰি পাঞ্জাবৰ নতুন মুখ্যমন্ত্ৰীয়ে আগবাঢ়িবলৈ চেষ্টা কৰিছে। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়েই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ কাষলৈ চৰকাৰক নিয়াৰ বাবে কেতবোৰ যুগান্তকাৰী সিদ্ধান্ত লৈছিল ৷ ইয়াৰ এটা আছিল সাপ্তাহিক কেবিনেট বৈঠক ৷


মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সাপ্তাহিক কেবিনেটে ইতিমধ্যে বিগত তিনি মাহত প্ৰায় শতাধিক সিদ্ধান্ত গ্ৰহণ কৰিছে৷ গৰিষ্ঠসংখ্যক সিদ্ধান্তই চৰকাৰখনক ৰাইজৰ কাষলৈ নিয়াৰ পক্ষত বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে ৷


এনে সন্ধিক্ষণত নতুনকৈ পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা চৰণজিৎ সিং চান্নীয়ে শনিবাৰে ঘোষণা কৰিলে দুটা ঘোষণা। পাঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী চান্নীৰ ঘোষণা মতে, প্ৰতি মঙলবাৰে পাঞ্জাৱ চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷ প্ৰতি মঙলবাৰৰ আবেলি তিনি বজাত চান্নী চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব ৷



অসমৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছতে প্ৰথমখন কেবিনেটত ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতি সপ্তাহৰ বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল ৷ অৱশ্যে মুখ্যমন্ত্ৰী গুৱাহাটী বা অসমৰ বাহিৰত থাকিলে কেবিনেট বৈঠক বাতিল হ'ব বুলি সিদ্ধান্ত লোৱা হৈছিল৷ লগতে সাপ্তাহিক কেবিনেটত লোৱা সিদ্ধান্ত কেবিনেট বৈঠকৰ পিছত কেবিনেট মুখপাত্ৰই সংবাদমেলৰ জৰিয়তে ৰাজহুৱা কৰিব বুলিও সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷


মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ এই মডেলক অনুসৰণ কৰিয়েই এতিয়া পাঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ চান্নীয়ে সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে বুলি চৰ্চা চলিছে।


প্ৰতি মঙলবাৰে সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে প্ৰতি সপ্তাহৰ পুৱা ১১:৩০ বজাৰ পৰা আবেলি ২:৩০ বজালৈ সকলো মন্ত্ৰী আৰু বিধায়কৰ সৈতে মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীয়ে এক বৈঠকত মিলত হ'ব ৷ সকলো চৰকাৰী বিভাগৰ মুৰব্বীসকলোকো এই বৈঠকত নিদিৰ্ষ্ট সময়ত উপস্থিত থাকিব লাগিব বুলি শনিবাৰে নিৰ্দেশনা জাৰি কৰা হৈছে ৷

Published by: Gautam Barman
First published: September 25, 2021, 10:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি