
ধাৰাপুৰৰ পঞ্জাব নেচনেল বেংকত লাভলীনাৰ লগতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইকো সম্বৰ্ধনা জনায়।
ধাৰাপুৰৰ পঞ্জাব নেচনেল বেংকত লাভলীনাৰ লগতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইকো সম্বৰ্ধনা জনায়।
টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ প্ৰদক লাভ কৰি সমগ্ৰ দেশ তথা ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা মঙলবাৰে নিজ গৃহত উপস্থিতি হৈছিল। সমগ্ৰ অসমত এতিয়া লাভলীনাৰ জ্বৰ। ৰাজ্যৰ প্রান্তে প্রান্তে লাভলীনাক আদৰণি। বুধবাৰে অসম জীয়ৰী লাভলীনা বৰগোঁহাইক পঞ্জাব নেচেনেল বেংকে জাঁপি–শৰাই–গামোচাৰে জনালে সম্বৰ্ধনা।
মহানগৰীৰ ধাৰাপুৰত অৱস্থিত পঞ্জাব নেচনেল বেংকৰ অঞ্চল লেখ পৰীক্ষা কাৰ্যালয়ত আজি দুপৰীয়া খেলুৱৈ গৰাকীক বেংকৰ ক্ষেত্ৰীয় প্ৰধান এছ এছ সিঙে সম্বৰ্ধনা জনোৱাৰ লগতে ৫ লাখ টকা চেক প্ৰদান কৰে। লগতে লাভলীনাৰ জন্ম স্থানৰ উদীয়মান খেলুৱৈসকলক পঞ্জাব নেচনেল বেংকে খেলৰ ক্ষেত্ৰত সকলো ধৰণৰ ডিজিটেলভাৱে সহায় কৰিব বুলি জানিবলৈ দিলে পঞ্জাব নেচনেল বেংকৰ ক্ষেত্ৰীয় প্ৰবন্ধকে। ধাৰাপুৰৰ পঞ্জাব নেচনেল বেংকত লাভলীনাৰ লগতে লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁইকো সম্বৰ্ধনা জনায়।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|