
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) তথা কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পক ৬ খন মটৰ চাইকেল প্ৰদান কৰিলে ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) তথা কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পক ৬ খন মটৰ চাইকেল প্ৰদান কৰিলে ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (Kaziranga National Park) তথা কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পক ৬ খন মটৰ চাইকেল প্ৰদান কৰিলে ৰাজ্যৰ আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন আৰণ্যকে। শনিবাৰে কাজিৰঙাৰ শতবৰ্ষ উদযাপন কেন্দ্ৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰ আৰু DFO ৰমেশ গগৈৰ উপস্থিতিত আৰণ্যকৰ সাধাৰণ সচিব বিভৱ তালুকদাৰে কাজিৰঙা কৰ্তৃপক্ষক আনুষ্ঠানিক ভাৱে প্ৰদান কৰে ৬ খন পালচাৰ বাইক।
কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ লগতে দাঁতিকাষৰীয়া অঞ্চলত তহলদাৰী কৰিবৰ বাবে কাজিৰঙাৰ বনকৰ্মীয়ে ব্যৱহাৰ কৰিব এই মটৰ চাইকেল কেইখন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱ কুমাৰে জনোৱা মতে, কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পৰ অধীনস্থ পূৱ অসম বন্যপ্ৰাণী সংমণ্ডল এলেকাত চাৰি খন আৰু নগাঁও সংমণ্ডলত দুখন মটৰ চাইকেল ব্যৱহাৰ কৰা হ'ব। কাজিৰঙাৰ ছটা বিত অফিচত প্ৰদান কৰা এই মটৰচাইকেল সমূহৰ জৰিয়তে বনকৰ্মীসকলে ৰাষ্ট্ৰীয় ঘাই পথ আৰু গ্ৰামাঞ্চল এলেকাত কৰ্তব্য সম্পাদন কৰাত সুবিধা হ'ব বুলি জনাই সঞ্চালকগৰাকীয়ে। আৰণ্যকৰ সাধাৰণ সচিব বিভৱ তালুকদাৰে জনোৱা মতে, ৬ খন মটৰ চাইকেলৰ চাৰিখন IRF ৰ অনুদানেৰে ক্ৰয় কৰাৰ লগতে আন দুখন মটৰ চাইকেল RHINO RESCUE FOUND ৰ অনুদানেৰে ক্ৰয় কৰা হৈছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|