• Home
  • »
  • News
  • »
  • assam
  • »
  • চৰাইদেউৰ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰত সন্নিবিষ্ট কৰাৰ প্ৰচেষ্টা, দছিয়াৰ প্ৰস্তুতৰ প্ৰাকমুহূৰ্তত লাংকুৰি দেওশালত পূজা

চৰাইদেউৰ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰত সন্নিবিষ্ট কৰাৰ প্ৰচেষ্টা, দছিয়াৰ প্ৰস্তুতৰ প্ৰাকমুহূৰ্তত লাংকুৰি দেওশালত পূজা

চৰাইদেউৰ মৈদামক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰত সন্নিবিষ্ট কৰিবলৈ দছিয়াৰ প্ৰস্তুতৰ প্ৰাকমুহূৰ্তত লাংকুৰি দেওশালত টাই ৰীতি-নীতিৰে পৰম্পৰাগত পূজা অৰ্চনা কৰা হয়।পূজাত অংশগ্ৰহণ ৰাজ্যৰ কেইবাজন বুৰঞ্জীবিদ, টাই পণ্ডিত, প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ বিষয়ববীয়া উপস্থিত থাকে।

  • Share this:
UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মূল তালিকাত চৰাইদেউ মৈডামক্ষেত্ৰই স্থান পোৱাৰ উদেশ্যে চৰাইদেউৰ লাংকুৰী দেওশালত আজি টাই ৰীতি-নীতিৰে পৰম্পৰাগত পূজা-অৰ্চনা কৰা হয়। লাংকুৰী দেউশালত প্ৰথমে টাই আহোম ৰীতি-নীতিৰে লাংকুৰী পূজা পতাৰ পিছতে লাংকুৰী দল প্ৰাংগণত জাচিংফা পূজা সমাপন কৰে টাই পুৰোহিত সকলে৷ পূজাত চৰাইদেউ মৈডাম ক্ষেত্ৰৰ দছিয়াৰ প্ৰস্তুত কৰা প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে.চি.ন'ৰিয়ালৰ সুস্বাস্থ্য কামনা কৰে ৷

চৰাইদেউৰ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰত হিচাপে স্থান দিয়াৰ উদেশ্যে পদ্মশ্ৰী ড° যোগেন্দ্ৰ নাথ ফুকনৰ উদ্যোগত আয়োজন কৰা পূজাত অংশগ্ৰহণ কৰে প্ৰত্নতত্ত্ব  সঞ্চালকালয়ৰ সঞ্চালিকা ড° দিপীৰেখা কুলি, প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ সাংস্কৃতি বিশেষজ্ঞ ড° কে চি ন'ৰিয়াল, দয়ানন্দ বৰগোহাঁই, কমল জ্যোতি গগৈ, প্ৰণৱ কুমাৰ গগৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি৷

উল্লেখযোগ্য যে চৰাইদেউ মৈডাম ক্ষেত্ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে ২৫ কোটি টকাৰ অনুদান আগবঢ়াইছে আৰু যুদ্ধৰ গতিত সৌন্দৰ্য বৰ্ধনৰ কাম অব্যাহত আছে।
Published by:Manjumoni Borah
First published: