ভাৰত–পাকিস্তানৰ যুদ্ধ! নগাঁৱত পুলৱামা কাণ্ডৰ আৰ্হিত নিৰ্মাণ পূজা মণ্ডপ

১০ লক্ষাধিক টকা ব্যয়ৰে ইতিমধ্যে প্ৰায় সাঁজু হৈ উঠিছে এই পূজা মণ্ডপ।

News18-Assam
Updated:September 29, 2019, 8:12 AM IST
ভাৰত–পাকিস্তানৰ যুদ্ধ! নগাঁৱত পুলৱামা কাণ্ডৰ আৰ্হিত নিৰ্মাণ পূজা মণ্ডপ
১০ লক্ষাধিক টকা ব্যয়ৰে ইতিমধ্যে প্ৰায় সাঁজু হৈ উঠিছে এই পূজা মণ্ডপ।
News18-Assam
Updated: September 29, 2019, 8:12 AM IST
নীলোৎপল বৰা : কাশ্মীৰৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভাৰতীয় চিআৰপিএফ জোৱানৰ ওপৰত কৰা বৰ্বৰোচিত আক্ৰমণৰ উচিত প্ৰত্যুত্তৰৰ দৃশ্যাংশ এইবাৰ দুৰ্গাপূজাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব নগাঁৱত। শাৰদীয় দুৰ্গোৎসৱৰ বাবে পুলৱামৰ প্ৰতিশোধৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰিছে নগাঁৱৰ শংকৰ মিশ্যন পূজা কমিটীয়ে।

নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত পাক অধিকৃত কাশ্মীৰৰ পৰ্বতৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ। কলকাতাৰ খনিকৰে নিৰ্মাণ কৰা এই মণ্ডপত ভাৰতীয় সেনাই পাকিস্তানী সন্ত্ৰাসবাদীক হত্যা কৰি পুলৱামাৰ আক্ৰমণৰ পোতক লোৱাৰ দৃশ্যাংশ ৰাইজৰ আগত তুলি ধৰিব। ১০ লক্ষাধিক টকা ব্যয়ৰে ইতিমধ্যে প্ৰায় সাঁজু হৈ উঠিছে এই পূজা মণ্ডপ।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি