চাইকেল আৰু বাইকৰ টায়াৰৰ লগতে বাঁহ, থাৰ্মকল আদিৰ সহায়ত আটকধুনীয়াকৈ মণ্ডপ নিৰ্মাণ কৰিছে৷
চাইকেল আৰু বাইকৰ টায়াৰৰ লগতে বাঁহ, থাৰ্মকল আদিৰ সহায়ত আটকধুনীয়াকৈ মণ্ডপ নিৰ্মাণ কৰিছে৷
চাইকেল আৰু বাইকৰ টায়াৰৰে নিৰ্মাণ কৰা দুৰ্গোৎসৱৰ মণ্ডপে বঙাইগাঁৱত ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ নিউ বঙাইগাঁৱৰ ৱেষ্ট কলনি দুৰ্গা পূজা সমিতিয়ে এইবাৰ আকৰ্ষণীয় ৰূপত মণ্ডপ নিৰ্মাণ কৰিছে৷ চাইকেল আৰু বাইকৰ টায়াৰৰ লগতে বাঁহ, থাৰ্মকল আদিৰ সহায়ত আটকধুনীয়াকৈ মণ্ডপ নিৰ্মাণ কৰিছে৷
স্থানীয় শিল্পী চিৰঞ্জীৱ বিশ্বাসৰ পৰিকল্পনা মতে এই মণ্ডপ নিৰ্মাণ কৰা হৈছে৷ প্ৰায় ১ লাখ ৭০ হাজাৰ টকা ব্যয় সাপেক্ষে এই মণ্ডপ সাজি উলিওৱা হৈছে৷ নিশা আলোকসজ্জাৰ মাজেৰে সমগ্ৰ মণ্ডপে নতুন ৰূপত উজলি উঠা পৰিলক্ষিত হয়৷ চৰকাৰী নীতি–নিৰ্দেশনা অনুসৰি কোভিড বিধি মানি পূজাভাগ অনুষ্ঠিত কৰাৰ লগতে পূৰ্বৰ তুলনাত এইবিলে পূজাৰ বাজেট আগতকৈ হ্ৰাস কৰি পূজা-অৰ্চনা আয়োজন কৰা বুলি আয়োজকসকলে জানিব দিছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|