Durga Puja 2021: চিৰাং জিলাৰ বিজনী চহৰৰ এক ব্যতিক্ৰমী পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শনাৰ্থীৰ। ভেটাগাঁও সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে নিৰ্মাণ কৰি উলিয়াইছে দৈত্য আকৃতিৰ দুৰ্গা পূজা মণ্ডপ।

চিৰাং জিলাৰ বিজনী চহৰৰ এক ব্যতিক্ৰমী পূজা মণ্ডপে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে দৰ্শনাৰ্থীৰ। বিজনীৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভেটাগাঁও সাৰ্বজনীন দুৰ্গা পূজা কমিটিয়ে নিৰ্মাণ কৰি উলিয়াইছে দৈত্য আকৃতিৰ দুৰ্গা পূজা মণ্ডপ।
ইয়াৰ উপৰিও মাতা বৈষ্ণো দেৱীৰ মন্দিৰৰ আৰ্হিৰে প্ৰতিমা প্ৰতিষ্ঠা কৰা হৈছে ৷ য'ত কাৰিকৰী প্ৰযুক্তিৰে দৰ্শনাৰ্থীসকলে বৈষ্ণো দেৱী মন্দিৰ দৰ্শনৰ যাত্ৰাকালৰ প্ৰতিকী প্ৰতিমূৰ্তিও উপস্থাপন কৰা হৈছে। আনফালে মণ্ডপৰ প্ৰতিমাসমূহত বিভিন্ন জাতি জনগোষ্ঠীৰ সাজ পাৰ পৰিধান কৰাই সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰা বুলি পূজা সমিতিয়ে জানিব দিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|