মুখ্যপৃষ্ঠা »খবৰ »অসম »Tribute to Kishor Das: জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ ওপজা গাঁৱত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি 

Tribute to Kishor Das: জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ ওপজা গাঁৱত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি 

Tribute to Kishor Das: জনপ্ৰিয় অভিনেতা কিশোৰ দাসৰ বাবে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু বজাৰাপাৰা এফ চিৰ উদ্যোগত ওপজা গাঁৱত অনুষ্ঠিত কৰা হল ৰাজহুৱা শ্ৰদ্ধাঞ্জলি । সমুজ্জ্বল ভট্টাচাৰ্য, বৰষাৰাণী বিষয়া, যতীন বৰা, সীমান্ত শেখৰ , ভৃগু কাশ্যপৰ লগতে দক্ষিণ কামৰূপৰ বহু বিশিষ্ট ব্যক্তিয়ে জনালে শ্ৰদ্ধাঞ্জলি । 

  • Share this:
যোৱা ১ জুলাইত নিশা অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ পেলাই হেৰাই গৈছিল প্ৰতিভাসম্পন্ন যুৱ অভিনেতা কিশোৰ দাস (Actor Kishor Das) । দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ শেষত নিয়তিৰ ওচৰত হাৰ মানিছিল কিশোৰ দাসে । চেন্নাইত মৃত্যুক আকোৱালি লোৱা কিশোৰ দাসৰ (Kishor Das Death) বাবে সোমবাৰে দক্ষিণ কামৰূপ ছাত্ৰ সন্থা আৰু বজাৰাপাৰা এফ চি ৰ যুটীয়া  উদ্যোগত আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰা হল ৰাজহুৱা আদ্যশ্ৰাদ্ধ ।

বিগত ১০ দিন ধৰি ৰাজনীতিৰ পৰা সাংস্কৃতিক জগতৰ বিভিন্ন লোক কিশোৰ দাসৰ মিৰ্জাৰ বজাৰাপাৰাস্থিত বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰিছিল । সোমবাৰে আদ্যশ্ৰাদ্ধ অনুষ্ঠান উপলক্ষে প্ৰয়াত অভিনেতা গৰাকীৰ ওপজা গাঁৱত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য , বৰষাৰাণী বিষয়া (Barsha Rani Bisaya), যতিন বৰা, সীমান্ত শেখৰ, ভৃগু কাশ্যপ,  উদয় শংকৰ, নৱনীতা বৰা  আদিকে ধৰি অসমৰ সাংস্কৃতিক ৰাজনৈতিক জগতৰ কেবাগৰাকীও ব্যক্তিৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি (Tribute to Actor Kishor Das) জনায় । কিশোৰ দাসক স্মৰণ কৰি আৱেগিক হৈ পৰে সকলো ।

শ্ৰদ্ধাঞ্জলি অনুষ্ঠাৰ লগতে  সৰ্বধৰ্ম প্ৰাৰ্থনাৰো আয়োজন কৰা হয় । সৰ্বধৰ্ম প্ৰাৰ্থনাৰ অন্তত কিশোৰ দাসৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ৰাজ্যৰ বিভিন্ন বিশিষ্ট ব্যক্তিয়ে কিশোৰ দাস সম্পৰ্কে লিখা এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয় । উন্মোচন কৰে প্ৰয়াত অভিনেতা গৰাকীৰ মাতৃ আৰু আছু নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ।

শেহতীয়া বাতৰি