কলিয়াবৰত ফ'ৰলেনযুক্ত পথ নিৰ্মাণত ব্যাপক বিসংগতি। অপৰিকল্পিতভাৱে ফ'ৰলেনযুক্ত পথ নিৰ্মাণক কেন্দ্ৰ কৰি অব্যাহত ৰাইজৰ অসন্তুষ্টি। চলিত সপ্তাহৰ ভিতৰতে বিষয়টোৰ ওপৰত আদালতে গ্ৰহণ কৰিব প্ৰথমটো শুনানি।
এখন সংবাদমেলযোগে পুনৰ চৰকাৰ তথা NHIDCLৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাই। কেন্দ্ৰীয় চৰকাৰৰ ৰাজধানী সংযোগ প্ৰকল্পৰ অধীনত নগাঁৱৰ পৰা ইটানগৰলৈ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণত ব্যাপক আসোঁৱাহৰ অভিযোগ কলিয়াবৰৰ সচেতন মহলৰ।
কলিয়াবৰ তিনিআলিৰ মাজেৰে পাৰ হৈ যোৱা ব্যস্ত ৰাজপথছোৱা ফ'ৰলেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে যদিও গুৰুত্বপূৰ্ণ কোনো স্থানতে ৰখা হোৱা নাই সেৱা-পথ, স্থায়ী নলা-নৰ্দমাৰ লগতে যাৱতীয় সা-সুবিধা (construction of four lane national highway at Kaliabor)।
উজনি-নামনি, উত্তৰ আৰু দক্ষিণ পাৰ সংযোগৰ কেন্দ্ৰস্থল কলিয়াবৰ তিনিআলিতে আছে মহকুমাধিপতি কাৰ্যালয়কে ধৰি কেইবাটাও চৰকাৰী কাৰ্যালয়। এখন উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্যও চলি আছে কলিয়াবৰ তিনিআলিত। সদাব্যস্ত কলিয়াবৰ তিনিআলিত সেৱা-পথৰ ব্যৱস্থা নাথাকিল এই চৰকাৰী কাৰ্যালয়সমূহলৈ যোৱাৰ ক্ষেত্ৰত জনসাধাৰণৰ বাবে বহু অসুবিধাৰ সৃষ্টি হ'ব।
ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম, চমুকৈ NHIDCL ৰ অদূৰদৰ্শিতাৰ বাবেই বিগত চাৰি বছৰে ব্যাপক অসন্তুষ্টিৰ সৃষ্টি হৈছে, প্ৰতিবাদ অব্যাহত আছে কলিয়াবৰত।
ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা বিসংগতি তথা আসোঁৱাহ দূৰ কৰিবৰ বাবে দাবী উত্থাপন কৰি NHIDCLৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীলৈকো লিখিত পত্ৰ প্ৰেৰণ কৰিছিল যদিও কোনো সুফল নাপালে কলিয়াবৰীয়া ৰাইজে।
অৱশেষত আদালতৰ কাষ চাপিছে কলিয়াবৰৰ কেইজনমান সচেতন ব্যক্তি। NHIDCL-এ ফ'ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত সংঘটিত কৰা বিসংগতিৰ বিৰুদ্ধে আদালতত ৰাজহুৱা স্বাৰ্থজনিত লেখ আবেদন দাখিল কৰে কলিয়াবৰৰ দুই সচেতন ব্যক্তি ক্ৰমে প্ৰশান্ত কুমাৰ শইকীয়া আৰু অপূৰ্ব কুমাৰ বৰদলৈয়ে।
চলিত সপ্তাহৰ ভিতৰতে গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলযোগে জনায় প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকাৰ লগতে ৰাজহুৱা স্বাৰ্থজনিত লেখ আবেদন দাখিল কৰা কলিয়াবৰৰ দুই সচেতন ব্যক্তি ক্ৰমে প্ৰশান্ত কুমাৰ শইকীয় আৰু অপূৰ্ব কুমাৰ বৰদলৈয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|