মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam Homoepathic College : নগাঁৱৰ হোমিওপেথিক মেডিকেল কলেজ বন্ধক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া

Assam Homoepathic College : নগাঁৱৰ হোমিওপেথিক মেডিকেল কলেজ বন্ধক লৈ ৰাইজৰ প্ৰতিক্ৰিয়া

নগাঁৱৰ হোমিওপেথিক মেডিকেল কলেজ বন্ধ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নগাঁৱৰ হোমিওপেথিক মেডিকেল কলেজ বন্ধ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

নগাঁৱৰ হোমিওপেথিক মেডিকেল কলেজ বন্ধ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ

  • Share this:

নগাঁৱৰ হোমিওপেথিক মেডিকেল কলেজ বন্ধক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। অসমৰ ভিতৰতেই প্ৰথমখন হোমিওপেথিক মেডিকেল কলেজ হৈছে নগাঁও হোমিওপেথিক মেডিকেল কলেজ। ১৯৬৮ চনতেই প্ৰহ্লাদ মিট্টালৰ নিজা প্ৰচেষ্টত গঢ় লৈ উঠিছিল অসমৰ প্ৰথমখন হোমিওপেথিক মেডিকেল কলেজ খন।


উল্লেখ্য, নগাঁও, যোৰহাট আৰু গুৱাহাটীৰ তিনিখন হোমিওপেথিক মেডিকেল কলেজ এক কৰিব খুজিছে চৰকাৰে। তিনিওখন হোমিওপেথিক মেডিকেল কলেজ এক কৰিলেও নগাঁৱতে নতুনকৈ আৰম্ভ কৰাৰ দাবী তুলিছে স্থানীয় ৰাইজে।


অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল থকাৰ পিছতো নগাঁৱত থকা অসমৰ প্ৰথমখন হোমিওপেথিক মেডিকেল কলেজ বন্ধ কৰি গুৱাহাটীলৈ স্থানান্তৰিত কৰা কাৰ্যত দুখ প্ৰকাশ কৰিছে নগাঁৱৰ স্থানীয় ৰাইজে।


নগাঁও হোমিওপেথিক মেডিকেল কলেজত অসমৰ শিক্ষাৰ্থীৰ বাবে ৫০খন আসন আৰু সৰ্বভাৰতীয় শিক্ষাৰ্থীৰ বাবে ১৩খনসহ মুঠ ৬৩ খন আসন আছে। নগাঁৱৰ হোমিওপেথিক মেডিকেল কলেজ বন্ধ কৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে নগাঁৱৰ এন এছ ইউ আইৰ সভাপতি পল্লৱ নাথে।

শেহতীয়া বাতৰি